ক্ষমা বিচাৰিলে বিধায়ক আমিনুল ইছলামে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, February 15, 2020

ক্ষমা বিচাৰিলে বিধায়ক আমিনুল ইছলামে

গুৱাহাটী : বিতর্কিত মন্তব্য কৰি তীব্র নিন্দা, ভৎর্সনাৰ সন্মুখীন হোৱা এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে অৱশেষত ক্ষমা খুজিলে৷ বিগত দুদিন ধৰি আহোমক লৈ বিধায়কজনে কৰা মন্তব্যই তুমুল বিতর্কৰ সূচনা কৰিছিল৷ আহোমসকল খিলঞ্জীয়া নহয়, অসম ভূমিত বিদেশী বুলি গৃহসমষ্টি ধিঙত ৰাজহুৱাভাৱে মন্তব্য কৰিছিল আমিনুল ইছলামে৷ বিধায়কজনৰ এই ধৃষ্টতাপূর্ণ মন্তব্যৰ পাছতেই আটাছু, আছুকে ধৰি ৰাজ্যৰ প্রায়সংখ্যক জাতীয় সংগঠন জাঙুৰ খাই উঠিছিল৷ উজনি অসমৰ বিভিন্ন স্থানত দাহ কৰা গৈছে বিধায়কজনৰ পুত্তলিকা৷ কথা বিষম দেখি এ আই ইউ ডি এফ দলে বিবৃতিযোগে ঘোষণা কৰিছিল যে আমিনুল ইছলামৰ বক্তব্য দলীয় নহয়, ব্যক্তিগত৷ 


আজি বিধায়ক আমিনুল ইছলামে টাই আহোম ছাত্র সন্থাৰ গুৱাহাটীস্থ কার্যালয়ত উপস্থিত হৈ বৰ অসমৰ খনিকৰ চাওলুং চু্যকাফাৰ প্রতিকৃতি আৰু প্রতীকী মৈদামত পুষ্পাঞ্জলি যাচি সেৱা জনাই নিজৰ ভুল স্বীকাৰ কৰে তথা আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰে৷ নিজৰ বক্তব্যৰ বাবে অনুতপ্ত বুলি উল্লেখ কৰি তেওঁ কয় যে আহোম সন্দর্ভত বিকৃত মন্তব্য কৰা বা জনগোষ্ঠীটোক হেয় কৰাৰ উদ্দেশ্য তেওঁৰ নাছিল৷ এই বিতর্কৰ অৱসান ঘটাবলৈও বিধায়কজনে সকলো পক্ষৰ প্রতি অনুৰোধ জনায়৷

No comments:

Post a Comment

SPONSORED