আহিব নেকি পৰেশ বৰুৱা ? এইবাৰ সাহিত্য সভাই জনালে আহ্বান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, February 02, 2020

আহিব নেকি পৰেশ বৰুৱা ? এইবাৰ সাহিত্য সভাই জনালে আহ্বান

শুৱালকুছি : পৰেশ বৰুৱা নেতৃত্বধীন আলফা স্বাধীনৰ মৰ্যদাপূৰ্ণ শান্তি আলোচনাৰ পোষকতা কৰিছে অসম সাহিত্য সভাই। শনিবাৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কৰিছে সভাই।অসম সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে এই কথা।


 ৰাজবংশীয়ে কয় যে, চৰকাৰ আৰু আলফা স্বাধীনৰ মাজৰ শান্তি প্ৰক্ৰিয়া মৰ্যদাসহকাৰে সম্পন্ন হওক। আমি আলফা নেতা পৰেশ বৰুৱাকো অনুৰোধ জনাম যে মৰ্যদাসহকাৰে আলোচনাত ভাগ লৈ অসমলৈ শান্তিৰ পৰিৱেশ ঘূৰাই আনক। তেখেত সকল আহক আৰু শান্তি আলোচনাত বহক এইয়াই আমাৰ কামনা। ইয়াৰ বাবে সাহিত্য সভাৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ।

No comments:

Post a Comment

SPONSORED