কৰ’নাত আতংকিত শ্বপিং মলৰ কর্মচাৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 19, 2020

কৰ’নাত আতংকিত শ্বপিং মলৰ কর্মচাৰী

গুৱাহাটী : মাৰাত্মক কৰ’না ভাইৰাছৰ শংকাত আতংকিত হৈছে মহানগৰৰ শ্বপিং মলত কর্মৰত কর্মচাৰীসকল৷ বর্তমানলৈকে শ্বপিং মলৰ কর্মচাৰীসকলৰ সুৰক্ষাৰ বাবে কোনোধৰণৰ সুৰক্ষা ব্যৱস্থা গ্রহণ নকৰাত ক্ষুব্ধ হৈ আজি শ্বপিং মলৰ কর্মচাৰীসকলে মালিকৰ বিৰুদ্ধে প্রতিবাদ কৰে৷ মহানগৰৰ প্রতিটো শ্বপিং মলৰ দুই-তিনিজনকৈ প্রতিনিধি একগোট হৈ আজি সন্ধিয়া লাচিতনগৰস্থিত ব্রেণ্ড ফেক্টৰীৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰে৷

উল্লেখযোগ্য যে এতিয়াও প্রতিটো মলত প্রতিদিনে বিদেশী পর্যটকৰ লগতে অন্যান্য প্রায় ১০০০তকৈ অধিক লোকে নানা ধৰণৰ সামগ্রী ক্রয়ৰ বাবে গৈ আছে৷ কিন্তু পৰিতাপৰ কথা যে বর্তমানলৈকে শ্বপিং মলৰ মালিকৰ উপৰি চৰকাৰেও একো ব্যৱস্থা গ্রহণ কৰা নাই৷ প্রতিবাদকাৰীসকলে জনোৱা মতে, মলৰ কর্তৃপক্ষই কর্মচাৰীসকলৰ সুৰক্ষাৰ কথা অলপো চিন্তা কৰা নাই৷ এতিয়ালৈকে মলবোৰত কোনোধৰণৰ হেণ্ড ছেনিটাইজাৰ, মাস্ক, স্বাস্থ্য পৰীক্ষা আদিৰ কোনো ব্যৱস্থা কৰা নাই৷ ফলত কর্মচাৰীসকল শংকিত হৈ পৰিছে

উল্লেখযোগ্য যে বিশ্বত কৰ’নাত আক্রান্ত হৈ হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ উপৰি ভাৰততো ইতিমধ্যে কেইবাজনো লোকৰ মৃত্যু হৈছে৷ সেয়ে এনে ভয়াৱহতাৰ পৰা ৰক্ষা পাবৰবাবে কর্মচাৰীসকলে মলৰ মালিক পক্ষক অতি সোনকালে কৰ’না প্রতিৰোধৰ বাবে ব্যৱস্থা গ্রহণ কৰিবৰ বাবে দাবী জনাইছে৷ লগতে চৰকাৰ তথা স্বাস্থ্যমন্ত্রীয়ে এনে ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰাটো অতি দৰকাৰ বুলি কর্মচাৰীসকলে উল্লেখ কৰে৷ প্রণিধানযোগ্য যে এনে প্রতিবাদৰ পাছতো যদি মালিক পক্ষ আৰু চৰকাৰে কোনো ব্যৱস্থা গ্রহণ নকৰে তেনেহ’লে কর্মচাৰীসকলে আন্দোলনৰ কার্যসূচী গ্রহণ কৰিব বুলি উল্লেখ কৰে৷

No comments:

Post a Comment

SPONSORED