য'ত নাপালে ৰেচন, তাত গৈ পালে মোদী-শ্বাহৰ ভাষণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 17, 2020

য'ত নাপালে ৰেচন, তাত গৈ পালে মোদী-শ্বাহৰ ভাষণ

ৱেব সংবাদ : ছাইক্লোন আম্ফানৰ ফলত চুবুৰীয়া পশ্চিমবঙ্গ বিপর্যস্ত৷ তাৰে পিছে পিছে আকৌ দেশক ছানি ধৰা কৰোনা ভাইৰাছ সংক্ৰমণৰ এই বিপদসংকুল সময়ছোৱাত পশ্চিমবঙ্গ ৰাজ্যৰ এটি প্রত্যন্ত এলেকাৰ এটি বিশেষ ফটোৱে ছ’চিয়েল মিডিয়া টুইটাৰত খলকনিৰ সৃষ্টি কৰিছে৷



বিজেপিৰ পতাকা থকা ফটোখনত বাঁহৰ ছোপাত লগোৱা এলইডি ঘেৰি বিজেপিৰ কোনো নেতাই দিয়া ভাষণ শুনিছে গাওঁবাসীয়ে৷ দৰ্শকৰ ৰূপত এজন লোকে এলইডি চাই থকাৰ বিপৰীতে আন আধা ডজন শিশুৱে কাৰ্টুন ছোৱা দি চাই আছে এল ই ডি৷ আন দুজন লোকে এলইডিত চলি থকা ভাষণক গুৰুত্ব নিদি নিজৰ মাজত আলাপত ব্যস্ত৷ সম্প্ৰতি এই ছবিয়ে টুইটাৰ-ফেচবুকত ব্যাপক প্ৰতিক্ৰয়াৰ সৃষ্টি কৰিছে।

এই ফটো সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বিজেপিয়ে সদৰী কৰা মতে, পশ্চিমবঙ্গত অনুষ্ঠিত অমিত শাহৰ ভাৰ্চোৱেল সভাৰ বাবে ৭০,০০০ টিভি আৰু ১৫,০০০ ডাঙৰ এলইডি স্ক্রিন লগোৱা হৈছিল। লগতে পশ্চিমবঙ্গৰ প্রায় ২ কোটি মানুহে সেই সভা খন প্ৰত্যক্ষ কৰিছিল । বিজেপিয়ে দাবী কৰে এয়া দলটোৰ বাবে হেনো “বিৰাট সাফল্য৷

বিজেপিৰ কেন্দ্ৰিয় সাধাৰণ সম্পাদক বিএল সন্তোষে উল্লেখ কৰিছিল, এয়া দলটোৰ “বিগত পাঁচ বছৰৰ কঠোৰ সাধনাৰ ফল৷

ইপিনে উক্ত ছবি খনক লৈ কটাক্ষ কৰে বিৰোধী দল কংগ্রেছ আৰু আম আদমি পার্টিয়ে। আম আদমি পার্টিৰ তৰফৰ পৰা ছবিটোত ক্যাপশনৰ প্রতিযোগিতাৰ সৃষ্টি কৰি তোলে৷ উত্তৰপ্রদেশেৰ কংগ্রেছ নেতা ৰাকেশ ছাচ্চানে কয়, কৰোনা ভাইৰাছে ক্ষতিগ্রস্ত দুখীয়া শ্রমিক সকলৰ বাবে ৭,৫০০ টকা দিব নোৱাৰে অথচ মোদী চৰকাৰে, নিজ দলৰ নির্বাচনী প্রচাৰৰ বাবে এনে বৃহৎ পৰিমানৰ ব্যায় কৰিব পাৰে ।

ইপিনে 'বিৰাট সাফল্য”, বুলি দাবি কৰা বিজেপিক কটাক্ষ কৰি পশ্চিমবঙ্গৰ শাসকীয় দল তৃণমূল কংগ্রেছে কয় এই সভা "বাস্তৱৰ পৰা বহু দূৰত"৷ আনহাতে নতুন দিল্লীৰ পৰা ভাৰ্চোৱেল সভাত অমিত শাহে কয় এয়া হেনো “জন সংবাদ৷ এই সভাৰ সৈতে ভোটৰ কোনো সম্পর্ক নাই। এয়া আছিল ৰাজনীতিৰ নেতা সকলৰ ভাষ্য৷

কিন্তু ছ'চিয়েল মিডিয়াত দেখা গ'ল সাধাৰণ লোকৰ বহু কটাক্ষ তথা যুক্তিৰ আখৰা । ইয়াক লৈ বহু প্ৰশ্নও উত্থাপন হ'ল তথা যুক্তিও দিছে বিভন্ন মহলে । তাৰ পৰা এটা বিষয় স্পষ্ট হৈছে যে, ৮৫ হেজাৰ টিভিৰ জৰিয়তে যদি মোদী চৰকাৰখনে নেতা সকলৰ ভাষণ ঘৰে ঘৰে উপলব্দ হোৱাৰ পৰিকল্পনা বাস্তৱায়িত কৰিব পাৰে তেনে স্থলত ঘৰে ঘৰে দুখীয়াক ৰেচন আগবঢ়াবলৈ নোৱাৰে নে ? এনে প্ৰশ্নৰ উত্তৰ হিচাপেই আম আদমি পার্টিয়ে ছবি ক্যাপশন প্রতিযোগিতাৰ সৃষ্টি কৰা পৰিৱেশৰ অন্যতম ক্যাপশন হিচাপে দেখা গ'ল- "য'ত নাপালে ৰেচন তাত গৈ পালে মোদী-শ্বাহৰ ভাষণ"৷

No comments:

Post a Comment

SPONSORED