নাওবৈচাত বিধায়কৰ উন্নয়ন পুজিত ব্যাপক দুৰ্নীতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 1, 2020

নাওবৈচাত বিধায়কৰ উন্নয়ন পুজিত ব্যাপক দুৰ্নীতি

আৰ টি আইৰ তথ্যত ফাদিল এআইইউডিএফ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ দুৰ্নীতিৰ সমগ্ৰ দস্তাবেদ৷



ভাতৃ মামুন ইক্ৰাম আৰু ভনী জোৱাই আমিনুল হকৰ সহযোগত পথ মেৰামতিৰ নামত আৱণ্টিত ধন আত্মসাৎ৷

এয়া লখিমপুৰ জিলাৰ নাওবৈচা বিধান সভা সমষ্টিৰ অন্তৰ্গত লালুক কলেজ ৰোডৰ পৰা আহোম গাঁও সংযোগী পথৰ দৃশ্য৷

আৰ টি আইৰ তথ্য অনুসৰি পথছোৱা মেৰামতিৰ নামত ২০১৮-১৯ বিত্তীয় বৰ্ষত আৱণ্টিত হয় ১০ লাখ টকা৷ ইয়াৰে প্ৰথম কিস্তিত ৬ লাখ আৰু দ্বিতীয় কিস্তিত ৪ লাখ টকা মোকলাই নিয়ে যদিও কাৰ্যত পথছোৱা আজিলৈ মেৰামতি নহল৷

পথছোৱা মেৰামতিৰ বাবে নিৰ্মাণ কৰা কমিটীত ধাৰ কৰি অনা হ’ল সভাপতি৷

ছ’চিয়েল মিডিয়াত লুণ্ঠনৰ তথ্য প্ৰকাশ কৰাত স্থানীয় যুৱকক দিয়া হৈছিল ভাবুকি৷

বিভিন্ন পাৰ্যায়ত লিখিতভাৱে অভিযোগ কৰাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত সংশ্লিষ্ট বিভাগ৷

আৰ টি আইৰ তথ্যত ফাদিল হল আৰু ভয়ংকৰ কেতবোৰ তথ্য৷ তথ্যৰ পৃষ্ঠাই পৃষ্ঠাই অংকিত আছে দুৰ্নীতিৰ দস্তাবেজ৷ বিধায়ক উন্নয়ন পুজিৰ অধিকাংশ কামৰ নিৰ্মাণ সমিতিৰ সভাপতি হিচাপে আছে ভাতৃ মামুন ইক্ৰামুল হক চোধুৰী, ভনী জোৱাই আমিনুল হক বৰভূঞা৷ নিৰ্মাণ সমিতিৰ সভাপতি হিচাপে স্থান নাই স্থানীয় লোকৰ৷ মূলতঃ বিধায়কগৰাকীয়ে নিজৰ আত্মীয় আৰু সাংগো –পাংগোৰ সহযোদত এনেদৰেই চলাই আহিছে দুৰ্নীতি৷



No comments:

Post a Comment

SPONSORED