দহ লক্ষাধিক : এদিনতে দেশত আক্ৰান্তৰ নতুন ৰেকৰ্ড - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 17, 2020

দহ লক্ষাধিক : এদিনতে দেশত আক্ৰান্তৰ নতুন ৰেকৰ্ড

নতুন দিল্লী : দেশত কৰ’না আক্ৰান্তই ১০লাখ অতিক্ৰম কৰিলে। বৃহস্পতিবাৰৰ দিনটোত এতিয়ালৈ সৰ্বাধিক ৩৪,৯৫৬জন নতুন ক’ভিড আক্ৰান্ত চিনাক্ত হোৱাৰ পাছত ভাৰতত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১০,০৩৮৩২লৈ বৃদ্ধি পায়৷


ইয়াৰ লগে লগে দেশত একেদিনাই ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই পুনৰ ৰেকৰ্ড ভংগ কৰে৷ কালিৰ দিনটোৰ ভিতৰতে দেশত ক’ভিড-১৯ৰ সৈতে জড়িত মৃত্যুৰ সংখ্যা আছিল ৬৮৭জন৷ বৰ্তমানলৈকে দেশত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৫,৬০২জন৷

ইফালে দেশত ক’ভিড-১৯ত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ৬,৩৫,৭৫৭ জন লোক৷ দেশত বৰ্তমান সুস্থতাৰ হাৰ ৬৩.৩৪%৷ উল্লেখ্য যে সৰ্বাধিক কৰ’না আক্ৰান্ত দেশসমূহৰ ভিতৰত ভাৰত বৰ্তমান তৃতীয় স্থানত আছে৷ আমেৰিকা আৰু ব্ৰাজিলৰ স্থান ক্ৰমে প্ৰথম আৰু দ্বিতীয়৷

No comments:

Post a Comment

SPONSORED