- ৰাইজে নখ জোকাৰিলে নৈ বয়
- প্ৰমাণ কৰি দেখুৱালে স্থানীয় ৰাইজে
- সমাজৰ বাবে কাম কৰা কৰ্মীসকলক সম্বৰ্ধনা
বৰপেটাৰ পৰা সেখ ৰহমত উল্লাহ :
প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰা সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ পুতলাৰটাৰী-খাৱলাৰভিঠা-চকিৰভিঠা সংযোগী পথৰ লগত জড়িত এইসকল গাঁওবাসীৰ দুৰ্দশা বুজিব কোনে? বৃহত্তৰ অঞ্চলৰ একমাত্ৰ ৰাস্তাখন বানপানীয়ে ঠায়ে ঠায়ে উটুৱাই নিয়াৰ পিছত যাতায়াত ব্যৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে।
বিভিন্ন ঠাইত বিধায়ক আৰু তেওঁৰ সহযোগী সকলে যাতায়ত সুচল থকা বিভিন্ন অঞ্চলত গৈ ফটো মাৰি পৰিস্থিতিৰ বুজ লৈ ফেচবুক পেজ ভৰাই পেলাইছে৷ পিছে লজ্জাজনকভাৱে বিধায়কৰ ফেচবুক পেজত নাই সমষ্টিটোৰ দুৰ্ভগীয়া কোনো চিত্ৰ৷ বিধায়ক বা অন্য কোনো স্থানীয় জন প্ৰতিনিধিৰ বিৰুদ্ধে কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ উঠিছে । উপায়ান্তৰ হৈ খাৱলাৰভিঠা গাঁওৰ কেইজনমান যুৱকে মিলি নিজেই বাহৰ সাঁকো নিৰ্মান কৰি দি যাতায়াত ব্যৱস্থা কিছু সুচল কৰাৰ ব্যৱস্থা কৰে।
সামাজিক মাধ্যমত ঘটনাটো চাই ছাত্র নেতা মনিৰুজ জামানে যুৱ সমাজৰ এনেকুৱা কাৰ্যত আত্মসন্তুষ্টি পাই সেই যুৱক সকল আৰু স্থানীয় মুৰব্বী সকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। তেওঁ ভৱিষ্যতেও যুৱ প্ৰজন্মক এনেকুৱা ৰাজহুৱা কাম কৰাৰ সংকল্প ল'বলৈও আহ্বান জনায়। এই কাৰ্যসূচীত প্ৰাক্তন সৈনিক নজৰুল ইছলাম, স্থানীয় সমাজকৰ্মী দেৱান আবু ছাহেদ, আনছেৰ আলী, এছ এছ বি জোৱান ছাইফুল ইছলামৰ লগতে গন্য মান্য ব্যক্তিসকল উপস্থিত থাকে। সমাজৰ সচেতন মহলে যুৱ সমাজৰ এনেকুৱা প্ৰশংসনীয় কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে৷ পিছে এনে দৃশ্য চাই স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ অলপো লাজ নালাগিব নে?
No comments:
Post a Comment