গুৱাহাটীত লক্ডাউনৰ নীতি-নিৰ্দেশনা সলনি : ৩০ আগষ্টৰ ভিতৰত উপলব্ধ হ’ব ক’ৰোনাৰ ভেকচিন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 4, 2020

গুৱাহাটীত লক্ডাউনৰ নীতি-নিৰ্দেশনা সলনি : ৩০ আগষ্টৰ ভিতৰত উপলব্ধ হ’ব ক’ৰোনাৰ ভেকচিন

গুৱাহাটী : কামৰূপ মহানগৰ জিলাত লক্ডাউনৰ ভালেমান নীতি-নিৰ্দেশনা সলনি কৰা হৈছে৷৫ জুলাইৰপৰা ১২ জুলাইৰ ভিতৰত কিছুমান কাম-কাজ মুকলি কৰাৰ অনুমতি দিয়া হৈছে----



১৷ সোমবাৰ আৰু বুধবাৰে অৰ্থাৎ ৬ আৰু ৮ জুলাইত গেলামালৰ দোকানসমূহ খোলাৰ অনুমতি দিয়া হৈছে৷ অৱশ্যে দিনৰ ১১ বজাৰপৰা বিয়লি ৪ বজালৈহে দোকান খুলিব পাৰিব আৰু ২০ শতাংশ দোকানহে খোলাৰ অনুমতি দিয়া হ’ব৷ তদুপৰি বিক্ৰেতা আৰু গ্ৰাহকে মাস্ক পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্বৰ নীতি মানি চলাটো হ’ব বাধ্যতামূলক৷
২৷ গ্ৰোচাৰী সামগ্ৰীৰ পাইকাৰী বিক্ৰেতাসকলে ৫ আৰু ৭ জুলাইত সামগ্ৰী জমা কৰিব পাৰিব৷ তেওঁলোকে এই সময়ছোৱাত খুচুৰা ব্যৱসায় কৰাৰ অনুমতি নাপাব৷
৩৷ এফচিআই-ৰপৰা বা এফচিআই-লৈ সৰবৰাহ হ’বলগীয়া নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অহা-যোৱাৰ অনুমতি দিয়া হ’ব৷
৪৷ ৬ আৰু ৮ জুলাইৰ পুৱা ৮ বজাৰপৰা দিনৰ ২ বজালৈ ঘৰে ঘৰে শাক- পাচলি আৰু ফলমূল বিক্ৰী কৰিব পাৰিব৷
৫৷ ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ পাইকাৰী যোগানৰ অনুমতি ৬ আৰু ৮ জুলাইৰ দিনৰ ১০ বজাৰপৰা আবেলি ৩ বজালৈ দিয়া হ’ব৷
৬৷ পশু চিকিৎসালয় আৰু পশুৰ ঔষধ বিক্ৰী কৰা দোকানসমূহ প্ৰতিদিনে ১০ বজাৰপৰা ৪ বজালৈ খোলা ৰাখিব পাৰিব৷ আনহাতে পশুখাদ্যৰ দোকান খুলিব পাৰিব ৬ আৰু ৮ জুলাইত৷
৭৷ ই কমাৰ্চৰ সামগ্ৰীৰ বিতৰণৰ অনুমতি ১০ জুলাইৰ পুৱা ১১বজাৰপৰা বিয়লি ৪ বজালৈ থাকিব৷
৮৷ পোষ্ট অফিচ আৰু বীমা কোম্পানীৰ অফিচৰ ১০ শতাংশ, কৰ্মচাৰীৰে খুলিব পাৰিব৷
৯৷ পথৰ কাষত মাছ, মাংস ,শাক -পাচলি, ফলমূল আদি বিক্ৰী কৰা নিষেধ৷

ইপিনে ক’ৰোনাৰ সামাজিক সংক্রমণক লৈ সাংঘাতিক ধৰণে শংকিত হৈ পৰিছে ৰাজ্য চৰকাৰ৷ গুৱাহাটী মহানগৰীৰ পিছতেই শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন প্রান্তত কোনোধৰণৰ ভ্রমণ বৃত্তান্ত নথকা বিভিন্ন লোক ক’ৰোনাত নিতৌ আক্রান্ত হোৱাৰ খবৰে স্বাভাৱিকতে চিন্তাত পেলাইছে চৰকাৰ–প্রশাসনক৷ যিকোনো বিনিময়ত ক’ৰোনাৰ গণসংক্রমণ ৰোধৰ বাবে প্রয়োজনত জিলাই জিলাই লকডাউন ঘোষণাৰ বাবে চৰকাৰে উপায়ুক্তসকলক কর্তৃত্ব প্রদান কৰিছে৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে- গণসংক্রমণৰ আশংকাৰ প্রতি লক্ষ্য ৰাখি জিলা উপায়ুক্তসকলক লকডাউনৰ সিদ্ধান্ত লোৱাৰ বাবে নির্দেশ দিছে চৰকাৰে৷ কোনো স্থানত ১০–১২টা সামাজিক সংক্রমণৰ ঘটনা সংঘটিত হ’লেই সেই অঞ্চলত লকডাউন ঘোষণা কৰিবলৈ জিলা উপায়ুক্তসকলক ইতিমধ্যে নির্দেশ দিয়া হৈছে৷ অহা ৩০ আগষ্টৰ ভিতৰত ক’ৰোনাৰ ভেকচিন উপলব্ধ হ’ব বুলি উল্লেখ কৰি জনসাধাৰণক আৰু দুটা মাহ সাৱধান আৰু সতর্কতাৰে থাকিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷

No comments:

Post a Comment

SPONSORED