১৯ ছেপ্টেম্বৰৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ; ৮ নৱেম্বৰত ফাইনেল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 25, 2020

১৯ ছেপ্টেম্বৰৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ; ৮ নৱেম্বৰত ফাইনেল

নতুন দিল্লী : অন্ত পৰিল সকলো জল্পনা–কল্পনাৰ৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো অহা ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব৷ সংযুক্ত আৰব আমীৰ শ্বাহীত হ’বলগীয়া প্রতিযোগিতাখনৰ ফাইনেল মেচখন ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব৷ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অধ্যক্ষ ব্রিজেশ পেটেলে সংবাদ প্রতিষ্ঠানৰ আগত এই কথা সদৰী কৰিছে৷


ইতিমধ্যে ফ্রেনচাইজীকেইটাক প্রতিযোগিতাখন আয়োজনৰ সন্দর্ভত জনোৱা হৈছে৷ আই পি এলখনৰ সময়সূচীখন অহা সপ্তাহত হ’বলগীয়া আই পি এলৰ গৱর্নিং কাউঞ্চিলৰ বৈঠকত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰি আই পি এলৰ অধ্যক্ষ ব্রিজেশ পেটেলে লগতে কয় যে এইবাৰৰ প্রতিযোগিতাখন ৫১দিন ধৰি চলিব৷ সংযুক্ত আৰব আমীৰ শ্বাহীত হ’বলগীয়া আই পি এলখনত ফ্রেনচাইজীসমূহে এক মাহৰ ভিতৰত তাত উপস্থিত হ’ব৷ ক’ৰোনাৰ আতংক আৰু তাৰ পৰিৱেশৰ সৈতে খাপ খুওৱাৰ বাবে ফ্রেনচাইজীসমূহে অহা ২০ আগষ্টৰ পৰা সংযুক্ত আৰব আমীৰ শ্বাহীলৈ যাত্রা কৰিব৷

ইফালে, অহা সপ্তাহত হ’বলগীয়া আই পি এল গৱর্নিং কাউঞ্চিলৰ বৈঠকত তিনিটা বিষয়ৰ ওপৰত অধিক আলোচনা চলিব৷ ইয়াৰ ভিতৰত হ’ল সংযুক্ত আৰব আমীৰ শ্বাহীত আই পি এলখন অনুষ্ঠিত কৰাৰ লগতে ফ্রেনচাইজীসমূহৰ বাবে ক’ৰোনাৰ গাইডলাইন বনোৱা আৰু প্রতিযোগিতাখনৰ সম্প্রচাৰৰ সন্দর্ভত আলোচনা চলিব৷ ইপিনে, এইবাৰৰ প্রতিযোগিতাখন বি চি চি আয়ে পূর্বৰ দৰেই আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ বিগত বর্ষৰ দৰে এইবাৰো ৬০খন মেচ অনুষ্ঠিত হ’ব আৰু প্রতিযোগিতাখনত অংশগ্রহণ কৰিবলগীয়া আঠটা দলৰ প্রতিটোৱে ১৪খনকৈ মেচত অংশগ্রহণ কৰিব৷

ইফালে, এইবাৰৰ প্রতিযোগিতাখনত সপ্তাহত এদিনহে দুখনকৈ মেচ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে বি চি চি আইৰ ঐশ্বর্যশালী প্রতিযোগিতাখন ২৯ মার্চৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও চীনৰ য়ুহানৰ পৰা উৎপত্তি হোৱা ঘাতক ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে প্রতিযোগিতাখন বি চি চি আয়ে অনির্দিষ্টকাললৈ পিছুৱাই দিছিল৷ ইফালে, ক’ৰোনাৰ বাবে অষ্ট্রেলিয়াত অক্টোবৰ–নৱেম্বৰ মাহত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপখন স্থগিত হোৱাত আই পি এলখন আয়োজন কৰাৰ পথ প্রশস্ত হয় বি চি চি আইৰ৷

No comments:

Post a Comment

SPONSORED