প্ৰলয়ংকাৰী বানপানীৰ অন্য ৰূপ : বাঘবৰত দুই শিশুৰ সলিল সমাধি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, July 19, 2020

প্ৰলয়ংকাৰী বানপানীৰ অন্য ৰূপ : বাঘবৰত দুই শিশুৰ সলিল সমাধি

  • প্ৰলয়ংকাৰী বানৰ অন্য ৰূপ
  • বাঘবৰত দুই শিশুৰ সলিল সমাধি
  • নিমিষতে ছাৰখাৰ এটি পৰিয়াল


সেখ ৰহমত উল্লাহ বৰপেটা :
মহামাৰী কৰোনাৰ লকডাউনৰ বাবে বিশ্বৰ কোটি কোটি মানুহৰ জীৱনৰ জীৱিকাত প্ৰবল হেঙাৰ ৰূপে থিয় দিছে৷ তাৰে মাজতে ভূতৰ ওপৰত দানৱ পৰাদি আহিছে প্ৰলয়ংকৰী বানপানী৷ বৰ্তমান অসমৰ ২৮ খন জিলা বানপানীৰ কৱলত৷ বৰপেটা জিলা তাৰে মাজত এখন জিলা৷ 

যোৱা ১৬ জুলাইত বাঘবৰ ৰাজহচক্ৰৰ অধীনত পাহাৰপুৰ কাতুলী গাঁৱত ঘটে এক মৰ্মান্তিক আৰু হৃদয়বিদাৰক ঘটনা৷ পাহাৰপুৰ কাতুলী গাঁৱৰ আতোৱাৰ আলী কৰ্মসূত্ৰে থাকে গুৱাহাটীৰ বশিষ্টত৷ কৰোনাৰ লকডাউনৰ বাবে সম্প্ৰতি গাঁৱত বসবাস কৰি আছে৷ ঘৰৰ আৰু গাঁৱত চাৰিওপিনে সাগৰ সদৃশ পানী আৰু কেৱল পানী৷ ৰাতিপুৱা প্ৰায় ১০ বজাত আতোৱাৰ আলীয়ে গৰুক গা ধুৱাবলৈ ঘৰৰ পিছফালে গড়কাপ্তানী বিভাগৰ পথৰ ওপৰত কালভাৰ্টৰ কাষতে যায় ৷ পিছে পিছে সংগোপনে দেউতাকক অনুসৰণ কৰে আতোৱাৰ আলীৰ ফুলকুমলীয়া দুটি শিশু ক্ৰমে আৰ্জিনা পাৰবিন বয়স ৭ বছৰ আৰু ৰছিদুল আলী বয়স ৫ বছৰ৷ দেউতাকে সন্তান দুটিক দেখা পাই ঘৰলৈকে পঠাই দিয়ে৷ বিধাতাৰ কি বিপাক৷ দেৱশিশু দুটি ঘৰলৈ নাহি কালভাৰ্টৰ ওপৰত আগৰে পৰা ৰৈ থকা কংক্ৰিটৰ চৰুত লুকাই পৰে৷ দেউতাকৰ গৰু গাধোৱাৰ পিছত ঘৰলৈ গুছি আহে আৰু তাতে ৰৈ যায় শিশু দুটি৷ আতোৱাৰ আলীয়ে ঘৰত আহি গৰুক বান্ধি থৈ সন্তান দুটিক মাত দিয়াত মাকে ঘৰলৈকে অহা নাই বুলি কয়৷লগে লগে ঘৰত সৃষ্টি হয় হুৱাদুৱা৷ 

দেউতাকে ঘৰমুৱা হোৱাৰ পিছতে সম্ভৱ শিশু দুটিয়ে পানী নামিছিল আৰু পানীৰ কোবাল সোঁতত উটি গৈছিল ৷ কতো বিচাৰি নাপাই গাঁওবুঢ়াক কথাটো অৱগত কৰা হয়৷ গাঁওবুঢ়াই লগেলগে বাঘবৰ থানাত ফোন কৰাত SDRF বাহিনীৰ গাড়ী আহি ঘটনাস্থলীৰ পানীত দিনযোৰা উদ্ধাৰৰ বাবে অভিযান চলায়৷ সন্ধিয়ালৈকে ওচৰচুবুৰীয়া আৰু SDRF বাহিনীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে৷১৭ জুলাইৰ ৰাতিপুৱা ৫ বজাত শিশুদুটিৰ সলিল সমাধি পানীত উপঙি উঠাত ৰাইজে প্ৰত্যক্ষ কৰে৷ সলিল সমাধি দুটিক পানীৰ পৰা উঠাই বাঘবৰ থানাৰ সহযোগত বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতাললৈ লৈ যোৱা হয় আৰু মৰনোত্তৰ পৰীক্ষা কৰা হয় ৷ আবেলি ৪ বজাত জানাজাৰ কাম সম্পন্ন হয় ৷

এনেকৈয়ে কোনোমতে জীৱন নিৰ্বাহ কৰি দুটি সন্তানক লৈ সুখেৰে জীৱন যাপন কৰা আতোৱাৰ আলী আৰু ৰাজেদা খাতুনৰ জীৱনলৈ নামি আহে অমানিশা৷কৰোনা লকডাউন আৰু বানপানীয়ে কাল হ’ল এই দম্পতীহালৰ ৷ এটা সময়ত দেউতা আতোৱাৰ আলী আৰু মাক ৰাজেদা খাতুনৰ বুকুত শুই বৈ দিন কটাইছিল দেৱশিশু দুটিয়ে আৰু মাক দেউতাকে ৰচিছিল অলেখ সপোন ৷ এতিয়া মাক দেউতাৰ বুকু উদং ঘৰত মাত্ৰ সন্তান হেৰুৱা কান্দোনৰ ৰোল ৷ ভগৱানে নকৰক কাকো নিঠৰুৱা আৰু নামি নাহক কোনো পৰিয়াললৈ কাল অমানিশা ৷ অসম চৰকাৰলৈ এই পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে স্হানীয় গাঁও বাসীয়ে ৷

No comments:

Post a Comment

SPONSORED