প্লাজমা থেৰাপী : কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 27, 2020

প্লাজমা থেৰাপী : কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটী : ক’ভিড-১৯ প্ৰতিৰোধৰ যুঁজখন ক্ৰমাৎ তীব্ৰতৰ হৈছে সমগ্ৰ দেশত৷ দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে নতুন উচ্চতা আৰু সৰ্বাধিক আক্ৰান্তৰ সংখ্যাই দৈনিক গঢ়িছে নতুন ৰেকৰ্ড৷ অসমতো একেই পৰিস্থিতি৷ 


স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন নতুন হাস্পতাল স্থাপনেৰে সংক্ৰমিতক চিকিৎসা প্ৰদানৰ লগতে সংক্ৰমণ ৰোধৰ প্ৰচেষ্টাও অব্যাহত আছে। ইয়াৰ মাজতে সৃষ্টি হৈছে আন এক সমস্যা৷ নিতৌ নতুন হাস্পতাল স্থাপন কৰা হৈছে ঠিকেই, কিন্তু এইসমূহত ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ঔষধ৷ ‘ৰয়টাৰ্ছ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা নিজমুখে স্বীকাৰ কৰিলে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷

এই সমস্যাৰ বাবেই এতিয়া সুস্থ হৈ উঠা ক’ভিড আক্ৰান্তৰ প্লাজমাৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যত ক’ভিডৰ চিকিৎসা চলি থকাৰ কথা জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ উল্লেখ্য যে ৰাজ্যজুৰি ক’ভিড বিজয়ীৰ প্লাজমা সংগ্ৰহৰ জোৰদাৰ অভিযান চলাইছে স্বাস্থ্য বিভাগে৷ বান আৰু দুৰ্গম পথ অতিক্ৰম কৰি প্লাজমা সংগ্ৰহ কৰিবলৈ গৈছে স্বাস্থ্যকৰ্মীসকল৷ সাক্ষাৎকাৰটোত হিমন্ত বিশ্ব শৰ্মাই কয়, ‘আমাক ‘ও নিগেটিভ’ প্লাজমাৰ প্ৰয়োজন হৈছিল৷ এজন লোক প্লাজমা দানৰ বাবে আগ্ৰহী হোৱাৰ কথা জনোৱাত আমাৰ স্বাস্থ্যকৰ্মীয়ে নাৱেৰে গৈ তেওঁক চিকিৎসালয়লৈ আনি প্লাজমা সংগ্ৰহ কৰে৷’ অৱশ্যে এইজন বিশেষ প্লাজমা হিৰ’ৰ নাম প্ৰকাশৰপৰা বিৰত থাকিল স্বাস্থ্যমন্ত্ৰীগৰাকী৷

উল্লেখ্য যে, প্লাজমা দানৰ বাবে ক’ভিড বিজয়ীসকলক উৎসাহিত কৰিবলৈ বিশেষ সুবিধাৰ কথা ঘোষণা কৰিছিল অসম চৰকাৰে৷ চৰকাৰে ঘোষণা কৰিছিল যে, প্লাজমা দান কৰা লোকসকলে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বিশেষ সুবিধা পাব৷ সম্প্ৰতি ৰাজ্য চৰকাৰে প্লাজমা সংগ্ৰহৰ কাম আৰম্ভ কৰিছে আৰু প্লাজমা দান কৰাসকলক একোখন মান-পত্ৰ আৰু উপহাৰৰ টোপোলাৰে উৎসাহিত কৰিছে৷ অৱশ্যে প্লাজমা থেৰাপীৰে ক’ভিড-১৯ ত আক্ৰান্ত লোকক সম্পূৰ্ণৰূপে সুস্থ কৰি তুলিব পাৰি বুলি এতিয়াও নিশ্চিত হোৱা নাই চিকিৎসকসকল৷ ইফালে স্থানীয়ভাৱে ৰেমডিছিভিৰ আৰু ট’চিলিজুমাব ঔষধৰ উৎপাদন যথেষ্ট কম হোৱা বাবে কৰ’নাৰ ঔষধৰ বজাৰত তৃতীয় পক্ষই হাত দিয়াৰ কথাও উনুকিয়ায় হিমন্ত বিশ্ব শৰ্মাই৷

ভাৰতৰ ৬টা কোম্পানীক এই ঔষধকেইটা উৎপাদনৰ অনুমতি দিয়া হৈছে যদিও ইয়াৰ কেৱল তিনিটাইহে প্ৰয়োজন মতে ঔষধ যোগান ধৰিব পাৰিছে৷ এনে পৰিস্থিতিত প্লাজমা দাতাৰ ভৰসাতে চলিবলগীয়া হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ অৱশ্যে এটা স্থানীয় কোম্পানীয়ে ঔষধ যোগান ধৰাত কিছু সকাহ হোৱাৰ কথা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷ উল্লেখ্য যে ক’ভিড চিকিৎসাত প্ৰয়োজন হোৱা ঔষধৰ নাটনিৰ পৰিপ্ৰেক্ষিতত দিল্লী আৰু ওড়িশায়ো প্লাজমা সংগ্ৰহৰ কাম আৰম্ভ কৰিছে৷ জানিব পৰা মতে, এজন লোকৰ প্লাজমাৰে একাধিক ক’ভিড ৰোগীৰ চিকিৎসা কৰিব পৰা যায়৷

No comments:

Post a Comment

SPONSORED