নতুন ভূমি নীতিৰ অধ্যাদেশৰ তীব্ৰ বিৰোধিতাৰে ৰাজ্যজুৰি কৃষক মুক্তিৰ অনশন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 6, 2020

নতুন ভূমি নীতিৰ অধ্যাদেশৰ তীব্ৰ বিৰোধিতাৰে ৰাজ্যজুৰি কৃষক মুক্তিৰ অনশন

লক্ষীমপুৰ : অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত অনুমোদন জনোৱা নতুন ভূমি নীতিৰ অধ্যাদেশৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ আজি লখিমপুৰতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঠায়ে ঠায়ে অনশন কাৰ্য্যসুচী ৰুপায়ন কৰে৷



এই কাৰ্য্যসুচী লখিমপুৰ জিলাৰ প্ৰতিখন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ লগতে নাওবৈচা আৰু বিহপুৰীয়া ৰাজহচক্ৰ বিষয়াৰ কাৰ্যলয়ৰ সন্মুখতো ৰূপায়িত কৰা পৰিলক্ষিত হয়৷

অনশনকাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি হায় হায়, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ , বিজেপি গ’ বেক, থলুৱা কৃষক বিৰোধী সিন্ধান্ত বাতিল কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে৷

উক্ত অনশন কাৰ্যসূচীত কৃষক মুক্তিৰ লখিমপুৰ জিলাৰ সভাপতি শ্বাহানুৰ ইছলাম, সহকাৰী সাধাৰণ সম্পাদক আব্দুল ৰেজ্জাক, লেলিন বৰবৰা, আব্দুৰ ৰহিম, দাউদ হুছেইনকে আদি কৰি বহু সংখ্যাক কৃষক মুক্তিৰ কৰ্মী উপস্থিত থাকে৷

No comments:

Post a Comment

SPONSORED