বিজেপিত যোগদান কৰিবলৈ ১০ কোটি টকাৰ প্ৰলোভন অখিল গগৈক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 10, 2020

বিজেপিত যোগদান কৰিবলৈ ১০ কোটি টকাৰ প্ৰলোভন অখিল গগৈক

  • বিজেপিত যোগদান কৰিবলৈ এই প্ৰলোভন
  • প্ৰলোভন দিছিল সিং উপাধিৰ ‘নিয়া’ বিষয়া
  • মহাভিযোগ অধিবক্তা হেমেন বৰাৰ
  • অখিলৰ মুক্তিৰ দাবীত ফেচবুকত প্ৰতিবাদ
  • কয়াকুছিত চিপিআই (এম)ৰ প্ৰতিবাদ


ব্যুৰ’ সংবাদ, গুৱাহাটী : 
বিজেপিত যোগদান কৰিলে ১০ কোটি টকাদিয়াৰ প্ৰলোভন অখিল গগৈক। এই মহা অভিযোগ যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা হেমেন বৰাৰ। বৃহস্পতিবাৰে যোৰহাটত এখন সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক মন্তব্য কৰিছিল জ্যেষ্ঠ অধিবক্তা হেমেন বৰাই। সংবাদমেলত অধিবক্তাগৰাকীয়ে কোৰোণাৰ সময়ত অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলক মুকলি কৰি দিবলৈও আহ্বান জনায়।

হেমেন বৰাই কয় যে, ‘সিং উপাধিৰ এজন বিষয়াই অখিলক আৰ এছ এছ আৰু বিজেপিত যোগদান কৰাৰ প্ৰস্তাৱ দিছিল। ইয়াৰ বিনিময়ত অখিলক ১০ কোটি টকা দিয়াৰো প্ৰস্তাৱ দিয়া হৈছিল। আৰু প্ৰস্তাৱ মানি ল’লে কাৰাগাৰৰ পৰা স-সন্মানেৰে অখিল গগৈক উলিয়াই অনা হ’ব বুলিও প্ৰলোভন দিছিল সিঙে।’

আনকি সিঙে দিয়া চৰ্ত মানি ল’লে অখিল গগৈয়ে বিজেপিৰ সমৰ্থনত কাম কৰিব লাগিব। ইয়াৰোপৰি হিন্দু ৰাষ্ট্ৰ গঢ়াত ভুমিকা ল'বলৈ কোৱাৰ লগতে মছজিদ আৰু গীৰ্জাৰ ঠাইত মন্দিৰ নিৰ্মাণ কৰিবলৈ কোৱা হৈছিল বুলিও অভিযোগ কৰে অধিবক্তাগৰাকীয়ে।’ হেমেন বৰাৰ মতে, নিয়াৰ কাৰ্যালয়তে দিয়া হৈছিল অখিল গগৈক এই প্ৰস্তাৱ।

ইফালে, কৃষক নেতা অখিল গগৈৰ জামিনৰ বাবে উকালতি কৰিব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, প্ৰাক্তন কেন্দ্ৰীয় আইনমন্ত্ৰী তথা শীৰ্ষ কংগ্ৰেছ নেতা চালমান খুৰচিদে ৷ তদুপৰি তেওঁক সহায় কৰিব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা সাংসদ বিবেক টাংখাই ৷ এই কথা জনাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

অন্যহাতে কৰোণাৰ বাবে অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলক মুকলি কৰি দিয়াৰ দাবীৰে ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিব নোৱাৰিলে ফেচবুকত দেখা গ’ল ইয়াৰ তীব্ৰ প্ৰতিবাদ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয়ৰ পৰা পৰিচালিত চি এম অ আছাম নামৰ ফেচবুক পেজত বৃহস্পতিবাৰে অসমৰ শেহতীয়া ক'ভিড-১৯ আৰু বানপানী সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে পৰ্যালোচনা কৰাৰ এটি পোষ্ট আপলোড কৰে৷ সেই পোষ্টটিৰ বিপৰীতে অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলক মুকলি কৰি দিয়াৰ দাবীত ডেৰ শতাধিক কমেণ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোলাৱক বিষয়টো দৃষ্টি গোচৰ কৰাৰ বাবে এক ব্যতিক্ৰমীভাৱে পন্থা হাতত লয় ৰাজ্যবাসীয়ে৷

ইপিনে অখিল গগৈসহ সকলো ‘কা’ বিৰোধী কাৰাবন্দীক মুক্তিৰ দাবীত বৰপেটা জিলাৰ কয়াকুছিত চিপিআই এমৰ প্ৰতিবাদী মিছিল অনুষ্ঠিত কৰে চিপিআই এমৰ কয়াকুছি আঞ্চলিক সমিতিয়ে। শুকুৰবাৰে চিপিআই এমৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে ৰাজ্যজোৰা গণ আন্দোলনৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে অখিল গগৈ¸ দেবাংগ কলিতা¸ বিতু সোণোৱাল¸ ধৈৰ্য্য কোঁৱৰসহ সকলো ‘কা’ বিৰোধী কাৰাবন্দীক সুচিকিৎসা প্ৰদান আৰু বিনাচৰ্তে মুক্তিৰ দাবীত এই আন্দোলন অনুষ্ঠিত কৰে৷ হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড আৰু চিপিআই এমৰ ৰক্তৰঙা পতাকাৰ সৈতে উদ্যোক্তাসকলে কয়াকুছিস্থিত চিপিআই এমৰ কাৰ্যালয়ৰ পৰা মিছিল কৰি আহি কয়াকুছি বজাৰ তিনিআলিত প্ৰতিবাদ স্বাব্যস্ত কৰে।

No comments:

Post a Comment

SPONSORED