ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৫০ হাজাৰ নতুন নিযুক্তিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 28, 2020

ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৫০ হাজাৰ নতুন নিযুক্তিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

৭ ছেপ্তেম্বৰৰ ভিতৰত শিক্ষা বিভাগে আৰম্ভ কৰিব হাইস্কুল পৰ্যন্ত নিযুক্তি প্ৰক্ৰিয়া


গুৱাহাটী : অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ সভাপতি চৈয়দ মমিনুল আৱালৰ বিস্ফোৰক মন্তব্য৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত চলিছে ব্যাপক অনিয়ম৷ একাংশ বিদ্যালয়, মহাবিদ্যালয়ৰ অধ্যক্ষ্যই দুৰ্নীতি কৰাৰ অভিযোগ মমিনুল আৱালৰ৷ বৰ্তমানলৈকে ৫০১ কোটি ৪৪ লাখ টকাৰ ছাত্ৰ বৃত্তিৰ ধনৰ অনিয়ম সংঘটিত হৈছে ৷ একাংশ দালাল চক্ৰৰে মিলি প্ৰধান শিক্ষকসকলে কৰিছে এই কেলেংকাৰী৷ অকল প্ৰধান শিক্ষকে নহয় এই কেলেংকাৰীত জড়িত আছে বেংক সেৱা কৰ্মচাৰীও৷ যিসকলে ভুৱা হিতাধিকাৰীৰ নামত বেংক একাউণ্ট খুলি আত্মসাত কৰিছে ছাত্ৰ বৃত্তিৰ ধন৷

ইতিমধ্যে সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে চিআইডিয়ে৷ দুজনকৈ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ কৰ্মচাৰীৰ চিআইডিয়ে সোধা–পোছাৰ কাৰণে তলব কৰিছে৷ আনহাতে, চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে কেলেংকাৰীত জড়িত নগাঁৱৰ দুজনকৈ লোকক৷ এই সমগ্ৰ কেলেংকাৰী কংগ্ৰেছ চৰকাৰৰ দিনটো সংঘটিত হৈছিল আৰু বৰ্তমান বিজেপি চৰকাৰৰ দিনটো সংঘটিত হৈ আছে৷

কংগ্ৰেছ, এআইউডিএফ কৰ্মীৰ লগতে কেলেংকাৰীত জড়িত আছে বিজেপিৰো কৰ্মী৷ বিশেষকৈ, ৰূপহী, চামগুৰি, বকো সমষ্টিত সংঘটিত হৈছে ছাত্ৰ বৃত্তিৰ ধনৰ কেলেংকাৰী৷ কোভিড–১৯ৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পৰা বৃদ্ধি পাইছে অনিয়ম৷ এই সময়ছৱাত ২১১ কোটি ৬৫ লাখ ৯২ হাজাৰ টকাৰ অনিয়ম সংঘটিত হৈছে৷ অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধক্ষ্য মমিনুল আৱালে সমগ্ৰ কেলেংকাৰীক লৈ সংবাদমেলযোগে পোহৰলৈ আনিছে বহু বিস্ফোৰক তথ্য৷ চিআইডিয়ে আৰম্ভ কৰা তদন্তত পোহৰলৈ আহিব ৰাজ্যত সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ ধন আত্মসাৎ কৰা দালালৰ সকলো তথ্য৷

No comments:

Post a Comment

SPONSORED