দলতকৈ দেশ ডাঙৰ নহয় : ত্ৰিৰংগ পতাকাক অপমান বিজেপিৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 16, 2020

দলতকৈ দেশ ডাঙৰ নহয় : ত্ৰিৰংগ পতাকাক অপমান বিজেপিৰ

দেশত কৈ মোমাই ডাঙৰ নহয়৷ এতিয়া সলনি হল, সলনি কৰিলে পৰিৱৰ্তনৰ চৰকাৰে৷ এতিয়া দলতকৈ দেশ ডাঙৰ নহয়৷



স্বাধীনতা দিৱসৰ দিনা মডেল গুজৰাটৰ দৃশ্য এয়া৷ জাতীয় পতাকা তলত, বিজেপি দলৰ পতাকা উৰিল ওপৰত৷ এয়া অনিচ্ছাকৃত ভুল নহয়, কাৰণ গুজৰাটতেই নহয়, সমগ্ৰ দেশতেই ভিন্ন প্ৰান্তত দেখা গ’ল একেই দৃশ্য৷

হাটশিঙিমাৰীত জিলা বিজেপিৰ কাৰ্যালয়তো সভাপতি আলতাফ হুছেইনে ত্ৰিৰংগা পতাকাত কৈ ওপৰত উৰুৱালে দলীয় পতাকা৷ ধুবুৰী জিলাৰ ৰাণীগঞ্জতো দেখা গ’ল একেই দৃশ্য৷ জাতীয় পতাকাৰ সৈতে একেলগে উৰিল দলীয় পতাকা৷

যেন এয়া বিজেপি দলৰহে গোপন সিদ্ধান্ত৷ বিজেপি দলটোৱে ইয়াৰ দ্বাৰা কি বুজাব বিচাৰিছে সেয়া সহজেই অনুমেয়৷

কেৱল বিজেপি দলেই নহয়, ৰাজ্যখনৰ অন্যতম ৰাজনৈতিক দল এআইইউডিএফ দলৰ একাংশ নেতা-কৰ্মীৰ কাণ্ড চাওক৷ জন-গণ-মনৰ সলনি জন-গণ- মঙ্গল বুলিয়েই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিলে৷

সেয়ে আমি দেখুৱাম দেশভক্তিৰ নমুনা৷ এই দৃশ্য আমেৰিকা যুক্তৰাষ্টৰ৷ আমেৰিকাত প্ৰৱাসী ভাৰতীয়ই ত্ৰিৰংগা পতাকা উৰুৱাই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি উদযাপন কৰিলে স্বাধীনতা দিৱস৷ এই দৃশ্য কানাডাৰ৷ প্ৰৱাসী ভাৰতীয়ই নিজৰ গাড়ীত ত্ৰিৰংগা পতাকা উৰুৱাই দেশভক্তি গীতৰ লহৰে লহৰে আমেজ লৈছে স্বাধীনতা দিৱসৰ৷ এনেদৰেই বিদেশত ভাৰতীয় ত্ৰিৰংগা পতাকাক সন্মান জনাই স্বাধনীতা দিৱসৰ আনন্দ ললে বহিঃৰাষ্ট্ৰৰ প্ৰৱাসী ভাৰতীয়ই৷

এতিয়া চাওক ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটি দৃশ্য৷ ত্ৰিৰংগা পতাকা কি, শিকি লওক এই দৃশ্যৰ পৰা৷

No comments:

Post a Comment

SPONSORED