বিপাশা বসু! বলীউদৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। কিন্তু কেইবা বছৰ ধৰি বলীউদৰ ছবিত অভিনয় কৰাৰ পৰা আঁতৰি আছে অভিনেত্ৰীগৰাকী। প্ৰায় ৫ বছৰৰ পিছত অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰিলে এখন ৱেব চিৰিজত। ‘দস্তাবেজ’ নামৰ ৱেব চিৰিজখনত বিপাশাৰ বিপৰীতে অভিনয় কৰিছে তেওঁৰ স্বামী কৰণ সিঙে।
শেহতীয়াকৈ পিংকভিলাৰ সৈতে হোৱা এক সাক্ষাত্কাৰত অভিনেত্ৰীগৰাকীয়ে জনাই যে, বলীউদত প্ৰৱশ কৰাৰ সময়ত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছিল অভিনয়গৰাকী। যিসময়ত অভিনেত্ৰীগৰাকী একেবাৰে নতুন আছিল, তেতিয়া এজন জনপ্ৰিয় ছবি প্ৰযোজকে বিপাশাক শাৰীৰিক আৰু মানসিক ভাবে নিৰ্যাতন চলাইছিল। আনকি ছবিত অভিনয়ৰ সুযোগ দিয়াৰ নামত দিছিল অশ্লীল প্ৰস্তাৱ।
অভিনেত্ৰীগৰাকীক ছবিত অভিনয়ৰ অ’ফাৰ দিয়াৰ পিছৰ পৰাই অশালীন মেছেজ দিছিল প্ৰযোজকজনে। লিখিছিল যে, ‘তোমাৰ হাঁহি মই মিছ কৰিছো।’ এনেধৰণৰ মেছেজ দেখি আচৰিত হৈ পৰিছিল অভিনেত্ৰীগৰাকী। কোনো ধৰণৰ ৰিপ্লাই নকৰাত কেইদিন মানৰ পিছৰ পৰা বিপাশালৈ প্ৰযোজক জনে যৌন উত্তেজনাপূৰ্ণ মেছেজ প্ৰেৰণ কৰিবলৈ লয়। আৰু প্ৰযোজকৰ এনেআচৰণত ক্ষুব্ধ হৈ বিপাশাই প্ৰত্যাহাৰ কৰে ছবিখনৰ সৈতে থকা চুক্তি।
অভিনেত্ৰীগৰাকীয়ে সাক্ষাত্কাৰটোত প্ৰযোজকজনৰ নাম লোৱাৰ পৰা বিৰত থাকে। বিপাশাৰ মতে, প্ৰযোজক জন বলীউদত সবাটোকৈ জনপ্ৰিয় প্ৰযোজকসকলৰ মাজৰে এজন। প্ৰয়োজন হ’লে নাম ল’বলৈও কুণ্ঠাবোধ নকৰে বুলি কয় অভিনেত্ৰীগৰাকীয়ে। কিন্তু এতিয়া আকৌ এটা বিতৰ্কৰ সূত্ৰপাত ঘটাব ইচ্ছা কৰা নাই। ইয়াৰ পূৰ্বেও শৰীৰৰ ৰং ক’লা হোৱাৰ বাবে বহু নিৰ্যাতনৰ সন্মুখীন হৈছিল বুলি জনাইছিল বিপাশাই।
No comments:
Post a Comment