✍ শিখা শৰ্মা, গুৱাহাটী
মানুহবোৰে যেন লাহে লাহে সংযম হেৰুৱাই পেলাইছে ৷ মানুহবোৰ অমানুহলৈ গতি কৰিছে ৷ কাৰো কথা শুনি হজম কৰি পেলোৱাৰ শক্তি নাই ৷ কোনোবা যদি ডালে ডালে, আন কোনোবা পাতে পাতে ৷ কোনোবা যদি বাৰৰে, আন কোনোবা তেৰৰে ৷ এক মুকলি যুদ্ধ ৷ কথাৰ ৷ এই যুদ্ধত কোনো বিজয়ী বা বিজিত নহয় ৷ কিন্তু ক্ষতিগ্ৰস্ত হয় সাধাৰণ ৰাইজ ৷ ক্ষণিকৰ ভাল লগা উত্তেজিত কথাৰ তীড়ে, মানুহৰ মন আৰু মগজুত নেতিবাচক প্ৰভাৱ পেলায় ৷ মানুহবোৰ লাহে লাহে উত্তেজিত হ’বলৈ ধৰে আৰু বিবেক নোহোৱা অথবা বিভিন্ন সমস্যাত বিবেক হেৰুওৱা মানুহবোৰে, আক্ৰমণ-প্ৰতি আক্ৰমণৰ এক মানসিকতাৰ গঢ় দিয়ে ৷ যিটো সমাজৰ বাবে বৰ ক্ষতিকাৰক ৷
সমাজ লেতেৰা কৰা এই বীজানুবিধ আহিল কিছুমান ৰাজনৈতিক নেতাৰ পৰা ৷ আমি স্কুল, কলেজৰ নিৰ্বাচনত অংশ লৈছিলো ৷ জিকিছিলোও ৷ ছাত্ৰ-ছাত্ৰীৰ ওচৰলৈ গৈ নিজৰ সক্ষমতাৰ পৰিচয় দিব লগা হৈছিল ৷ আন প্ৰাৰ্থীৰ বদনাম গালে আমাৰ প্ৰাৰ্থীত্ব নাকচ হোৱাৰ ভাবুকি দিছিল চাৰ-বাইদেউসকলে ৷ আমি কেৱল আৰু কেৱল নিজে জয়ী হৈ কি কৰিম, সেয়াহে দৃঢ় ভাবে উত্থাপন কৰিছিলো ৷ আনৰ সমালোচনা কৰা নাছিলো ৷ আৰু সেয়াই হোৱা উচিত ৷
আগৰবোৰ চৰকাৰবোৰৰ দিনত দেখিছিলো, ইলেকচনৰ সময়ত লুকাই চুৰকৈ আনৰ বদনাম গায় ৷ অসমীয়া মানুহৰ আৱেগৰ বোকোচাত উঠি ৰাজসভালৈ যোৱা ঠগ, প্ৰৱঞ্চক, স্বাৰ্থপৰ, সুবিধাবাদী এ জি পিক বাদ দি কৈছো কথাবোৰ ৷ কাৰণ চোৰৰ দৰে মানসিকতাৰ মানুহক আলোচনালৈ আনিবলৈ দেখোন মনেই নাযায় ৷ আগৰ ৰাজনৈতিক নেতাবোৰে মনে মনে বদনাম গায় আন দলৰ ৷ তাকো মিহি মিহিকৈ ৷ অসমৰ ৰাজনীতিত, দৃষ্টিকটু শৰীৰি ভাষাৰে ভৰপূৰ এজন মানুহৰ প্ৰৱেশ ঘটিল ৷ হিমন্ত বিশ্ব শৰ্মা ৷ এহাল সচেতন দম্পত্তিৰ উচ্চশিক্ষিত সন্তান শৰ্মাৰ বাকপটুতা আৰু ৰাজনৈতিক দক্ষতা তথা পৰিশ্ৰমৰ প্ৰশ্ন নাহে ৷ তেওঁৰ শত্ৰুৱেও এই কথা স্বীকাৰ কৰিব ৷ কিন্তু তেওঁৰ সকলো যোগাত্মক গুণৰ বিপৰীতে, তেওঁৰ আটাইতকৈ ঘৃণনীয় বদগুণটোয়ে এতিয়া বিষ্ঠাৰ গোন্ধৰ দৰে চাৰিওদিশে বিয়পি, অশান্তিময় কৰি তুলিছে আমাৰ সময়বোৰ ৷ মুদ্ৰাদোষৰ নানান ৰেচিপিৰে ভৰপূৰ শৰ্মাই, কংগ্ৰেছত থকা দিনৰে পৰা বিভিন্ন ব্যক্তিক আক্ৰমণ কৰি আহিছে ৷ কেতিয়াবা যদি মোদীক মুছলমানৰ তেজ পি খোৱা অৰ্থত ব্যৱহাৰ কৰিছে, আন কেতিয়াবা আকৌ সেই মোদীৰে ভৰিত পৰি “ কিমতে ভকতি কৰিব মোদীক“ সেই চিন্তা কৰিছে ৷ কেতিয়াবা যদি মুখ্যমন্ত্ৰী হোৱাৰ আশাত ছোনিয়া গান্ধীৰ দহ জনপথত ঘন্টাৰ পাছত ঘন্টা হামিয়াই হিকটিয়াই বহি আছে, আন কেতিয়াবা আকৌ চৈধ্য পুৰুষ উজাৰি গালি পাৰিছে সেই একে গৰাকী ছোনিয়া গান্ধীক ৷ ৰাহুল গান্ধীৰ ভৰিত পৰি মুখ্যমন্ত্ৰীত্বৰ আশা কৰি, তৰুণ গগৈৰ বদনাম গোৱা শৰ্মাই, সেই তৰুণ গগৈৰ ভৰি চুই ৰাজনীতিৰ মন্ত্ৰ শিকিছিল ৷ মুঠতে নিজৰ স্বাৰ্থত অসমক ব্যৱহাৰ কৰিছে ডঃহিমন্ত বিশ্ব শৰ্মাই ৷ গুজৰাটৰ তেজময় পানীৰ পাইপবোৰত, শৰ্মাৰ চকুয়ে এতিয়া গঙ্গাজল দেখে ৷ সাধাৰণ ৰাইজে কিন্তু আগতেও পানী দেখিছিল আৰু আজিও পানীয়েই দেখে ৷
তৰুণ গগৈৰ বয়স হেনো ৯০ ৰ ঘৰত ৷ ডঃ শৰ্মাৰ মুখতে শুনিলো ৷ শৰ্মাই গগৈক গীতা-ভাগৱত পঢ়াৰ উপদেশ দিছে ৷ ডঃ হিমন্ত বিশ্ব শৰ্মা, আপুনি যি ব্যঙ্গাত্মক ভঙ্গীৰে অসমৰ এজন বিচক্ষণ ৰাজনীতিবিদক বাৰ্ধক্যৰ কঠোৰ বাস্তৱ সোঁৱৰাই দিলে, সেই কাৰ্য্যক আমি তীব্ৰ ভাষাৰে গৰিহনা দিছো ৷ আমি এজন বৃদ্ধৰ জীৱনৰ শেষৰ বছৰকেইটা সুন্দৰ কৰি তুলিব লাগে ৷ এজন ৫০ ৰ উৰ্দ্ধৰ ব্যক্তিৰ সতে দৌৰাৰ শাৰিৰীক সক্ষমতা নথকা এজন ব্যক্তিক, সময়ে আনি দিয়া নিষ্ঠুৰ বাস্তৱ সোঁৱৰাই আঘাত দিব নালাগে ৷ শিক্ষাৰ দৰে বিভাগ এটাৰ মন্ত্ৰী এগৰাকীক, নৈতিকতাৰ পাঠ দিবলগীয়া হোৱাটো লজ্জাজনক ৷ আপোনাৰ মতে তৰুণ গগৈ যদি ইমানেই বৃদ্ধ, তেন্তে আপুনি তেওঁলৈ ভয় কৰিছে কিয় ? আপুনি হাৰি যোৱাৰ ভয়ত কিয় তুলুঙা কথাৰে এচাম উদণ্ড মানুহৰ হিৰ’ হ’বলৈ গৈ, আন বহু সচেতন মানুহৰ হাঁহিয়াতৰ পাত্ৰ হৈছে ? কিয় এচাম উঠি অহা যুৱকক, বয়সস্থ মানুহক কথাৰে আক্ৰমণ কৰি বুঢ়া বুলি ইতিকিং কৰিবলৈ অনুপ্ৰাণিত কৰিছে ? এইবোৰ কথা কাণ্ডৰে যে আপুনি এজন ব্যক্তিত্বহীন ৰাজনৈতিক বেপাৰী হৈ পৰিছে, তাৰ খবৰ বাৰু আপুনি ৰাখিছেনে ? অসমৰ উঠি অহা প্ৰজন্মৰ মানসিকতাত, আপোনাৰ লেকাম নোহোৱা মুখৰ কথাই কি বিৰূপ প্ৰভাৱ পেলাইছে, সেই কথাৰ প্ৰতি লক্ষ্য ৰখাটো এজন জ্যেষ্ঠ ব্যক্তি হিচাপে আপোনাৰ দায়িত্ব নহয়নে ? আপুনি বাৰু আপোনাৰ মা দেউতাক ঘৰৰ কাম-কাজ বোৰত মাত নামাতি, এটা কোঠাত সোমাই হৰি নাম লৈ থকাৰ উপদেশ দিয়ে নেকি ? আমি যদি কওঁ, এই বৃদ্ধ বয়সত আপোনাৰ মাতৃয়ে কিয় সাহিত্য সভাৰ উপসভাপতি হ’ব লাগে ? কিয় তেওঁ সাহিত্যৰ সভাৰ দৰে অনুষ্ঠান এটাৰ গধুৰ বিষয়বাবত এই বুঢ়া বয়সত মূৰ খটুৱাব লাগে ? তেওঁ কীৰ্তন-ঘোষা পঢ়ি নাতি পুতিৰ লগত খেলি থকাৰ সময় এইয়া, তেতিয়া আপুনি কি ক’ব ? নে আপোনাৰ মাতৃ চিৰযৌৱনা ? তৰুণ গগৈ, আজমল,ছোনিয়া গান্ধী আদিবোৰহে আলৰ বুঢ়া ?
আপুনি সাংবাদিকৰ মুখ বন্ধ কৰাত ওস্তাদ ৷ কেমেৰাৰ সমুখত আপুনি এজন প্ৰৱল প্ৰতাপী মন্ত্ৰী হিচাপে যেতিয়া সাংবাদিকক প্ৰশ্ন সোধে যে- “ আপোনালোকে সবতে আজমলক কিয় দেখে ?“ তেতিয়া কম বয়সীয়া বাতৰি সংগ্ৰহ কৰোটাকেইজন ক’ৰবাত চুপ হৈ যায় ৷ আপোনাক প্ৰতি প্ৰশ্ন কৰিব নোৱাৰে ৷ হয়তো জীৱন, নহ’লে জীৱিকা হেৰুৱাৰ তাড়নাত ৷ টিভিৰ সমুখত বহি আমি চাই থাকো আপোনাৰ অযুক্তিকৰ, আক্ৰমণাত্মক বাক্যবাণ ৷ টিভি পৰ্দাৰ আন এটা পাৰে কিন্তু হাজাৰ বিজাৰ দৰ্শকে আপোনাক প্ৰশ্ন কৰে নিৰৱে- “আজমললৈ আপোনাৰ ইমান ভয় কিয় ?“ সংবাদসেৱীৰ মুখ বন্ধ কৰিব পাৰিব ডঃ শৰ্মা , কিন্তু ৰাইজৰ মনবোৰত আপোনাৰ প্ৰতি হোৱা বিদ্বেষ শেষ কৰিব কোনে ?
ইলেকচন আহি আছে ৷ আমি ভাবো, এই যুদ্ধখনৰ অন্য এক সেনাপতি হিচাপে, আপুনি আপোনাৰ দলটোক লৈ ব্যস্ত থকা উচিত ৷ চৰকাৰ হিচাপে যোৱা পাঁচবছৰৰ বিফলতাবোৰৰ বাবে ৰাইজৰ ওচৰত জবাবদিহি হোৱা উচিত ৷ কিন্তু তাকে নকৰি আপুনি এক নতুন ধৰ্ম প্ৰতিস্থা কৰাত উঠিপৰি লাগিছে ৷ সেয়া হ’ল গালিধৰ্ম ৷ আপুনি এতিয়া গালিৰে থকা সৰকা কৰিছে সকলো ৰাজনৈতিক নেতাক ৷ তৰুণ গগৈয়ে কাৰ লগত মিত্ৰতা কৰিছে, তাক লৈ আপুনি ইমান মাথা মাৰিছে কিয় ? আপুনি আপোনাৰ মতলবত থাককচোন ৷ আপুনি যদি ১০০ চিট পায়েই, তেন্তে কংগ্ৰেছে কাৰ লগত পঘাৰে নিজক বান্ধে, তাক লৈ ইমান চিন্তা কৰিছে কিয় ? মহাজোঁট বান্ধে, মঠাউৰি বান্ধে, বান্ধক বিৰোধীয়ে ৷ আপোনাৰ ইমান টেনচন কিয় ? আজমলে কাৰ লগত গো-মাংস খায়, খাওক ৷ আপুনি ইমান পগলা হৈছে কিয় ? নে গোটেই অসমখনক গো-মাংস মুক্ত কৰি ৰখাৰ ঠিকা লৈছে আপুনি ? আপুনি ল’লেই যেনিবা ঠিকা, অসমৰ ৰাইজে আকৌ আপোনাৰ ঠিকাদাৰী মানিবও লাগিব নহয় ৷ নে নাকত ধৰি চাকত ঘূৰোৱাব পাৰিব বুলি ভাবিছে অসমৰ প্ৰতিজন নাগৰিকক ? মনত ৰাখিব, সকলো মানুহ জুবিন গাৰ্গ আৰু যতীন বৰা নহয় ৷ বাকী গান-বাজনা-নাটক কৰা সকলক এই আলোচনালৈ অনাৰ প্ৰয়োজনবোধ নকৰিলো ৷
অসম আজমলময় হোৱা ইমান সহজ কথা নহয় ৷ অসম মানুহময় হৈ থাকিব ৷ না আজমলময়, না তৰুণ গগৈময়, না হিমন্তময় না অখিলময় না আছুময় ৷ আপোনালোকৰ নিৰ্দ্দেশত প্ৰতি অসমীয়াই নানাচে ৷ চৈধ্য পুৰুষলৈ গোটাই থৈ যাবলৈ সম্পত্তি গোটোৱা আপোনালোকৰ নিকৃষ্ট ৰাজনীতিত অসমীয়া লেটি নলয় ৷
হিমন্ত বিশ্ব শৰ্মাই সিদিনা নিউজক ক’লে- “শঙ্কৰদেৱৰ তিথিৰ দিনা আজমলৰ বিষয়ে প্ৰশ্ন সুধি অসমখনক বহুত তললৈ নিলে আপোনালোকে“ ৷ মহাশয়, তেনেহ’লে চান্দ খাঁক শিষ্য কৰি আজি বহুযুগৰ আগতে মহাপুৰুষ শঙ্কৰদেৱে অসমখনক কিমান তললৈ নিছিল ? আপুনি তৰুণ গগৈৰ মাজত ঔৰংজেৱক দেখিছে ৷ আপুনি বাৰু আপোনাৰ নিজৰ মাজত এজন কথাৰ মূল্য নোহোৱা, স্বাৰ্থপৰ, জ্যেষ্ঠজনক সন্মান কৰিব নজনা, নিজৰ সুবিধা অনুসৰি ইটো সিটো দলত বগাই ফুৰি, তৰুণ গগৈৰ পৰা নৰেন্দ্ৰ মোদীলৈকে ভৰিত ধৰি ফুৰা, আজমলক আমাৰ আগত গালি পাৰি ’হুজুৰ’ বুলি কৈ তেলমৰা এজন নিকৃষ্ট অসমীয়াক দেখা পোৱা নাইনে ?
আপোনাৰ এই কথা কাণ্ডবোৰে এচাম মগজ আৰু বিবেক নথকা উতনুৱা মানুহক কেনেদৰে প্ৰভাৱিত কৰি, সমাজৰ সকলো মানুহক অপমান কৰিবলৈ অনুপ্ৰাণিত কৰিছে সেয়া আপুনি ভাবি চাইছেনে ? আপুনি আমাক ফেছবুক বুদ্ধিজীৱি বুলি ভাবিব পাৰে বাধা নাই ৷ কিন্তু শুনক মহাশয়, আপুনিহে চৰকাৰৰ সকলো কথা কাম ৰাইজক জনাবলৈ টুইটাৰ ব্যৱহাৰ কৰে ৷ কৰোনা ৰোগীৰ সংখ্যা, মৃত্যু আৰু আন আন চৰকাৰী তথ্য ৰাইজক জনাবলৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ বিপৰীতে, টুইটাৰ ব্যৱহাৰ কৰি চৰকাৰৰ কাম কাজ বা বেমাৰৰ তথ্য ৰাজহুৱা কৰা আপুনি জানো টুইটাৰমন্ত্ৰী নহয় ? নে নিজৰটো নেদেখে ? আমি যদি ফেছবুক বুদ্ধিজীৱি, তেন্তে আপুনিও টুইটাৰমন্ত্ৰী ৷ মুখ আপোনাৰে নাই, আমাৰো আছে ৷
বিজেপিয়ে সকলো কৰিব পাৰে ৷ আজিৰ মিডিয়াক বিজেপিয়ে হাতত মুঠিত ৰাখিব পাৰে ৷ সমালোচনামূলক লেখা ৰাজহুৱা নকৰিবলৈ, বাতৰি কাকতক অৰ্ডাৰ দিব পাৰে ৷ লাইচেঞ্চকে আদি কৰি টেক্সলৈকে, বিভিন্ন চৰকাৰী মেৰপাকত সোমোৱাৰ ভয়ত, মিডিয়াই সকলোধৰণৰ চোকা সমালোচনা পৰিহাৰ কৰি চলে ৷ কিন্তু বিজেপি হাৰি যায় মাৰ্ক জুকাৰবাৰ্গৰ ওচৰত ৷ আমাৰ দৰে মানুহবোৰৰ মনৰ কথাবোৰ, যুক্তিবোৰ সেইবাবেই আমি বিনা দ্বিধাই এৰি দিওঁ জুকাৰবাৰ্গ ভাইৰ বিশাল পথাৰ “ফেছবুকত ৷“ আৰু জাগ্ৰত কৰো হাজাৰজনক ৷ তাকে দেখি অস্থিৰ হৈ পৰা ৰাজনীতিকে আমাক নাম দিয়ে ’ফেছবুক বুদ্ধিজীৱি ৷’ হয়, আমি ফেছবুক বুদ্ধিজীৱি ৷ কাৰণ সংবাদপত্ৰৰ দৰে ফেছবুক কিনিব নোৱাৰি ৷ হয়, আমি ফেছবুক বুদ্ধিজীৱি ৷ কাৰণ আমাৰ সত্য প্ৰকাশৰ পথত ফেছবুকৰ নিজস্ব সম্পাদনা নাথাকে ৷ হয়, আমি ফেছবুক সাহিত্যিক ৷ কাৰণ আপোনালোকৰ টকাৰে পৰিপুষ্ট সাহিত্যৰ অনুষ্ঠানবোৰৰ, সৃষ্টি কৰিব নজনা কিন্তু ৰাজনীতি ঠিকেই জনা তথাকথিত সাহিত্যিকৰ সমাজত আমাৰ মূল্য নাই ৷ হয়, আমি ফেছবুক সাহিত্যিক ৷ কাৰণ আমি চৰকাৰৰ পৃষ্ঠপোষকতা তথা পক্ষপাতত পোৱা এৱাৰ্ড নিবিচাৰো ৷ আমি ফেচবুকতে থাকিম ৷ মানুহৰ সঁচা আন্তৰিকতাৰ সোৱাদ লৈ ৷
আজমল নামৰ বেয়া মানুহজনৰ বেমাৰৰ খবৰ লৈ থকাতকৈ, পাৰে যদি তেওঁক দেশান্তৰিত কৰক ৷ তেওঁক বাহিৰ কৰি দিলেই যদি আপুনি নিষ্কন্টক তেন্তে তাকে নকৰে কিয় ? মানে সেইটো কৰাৰ ক্ষমতা আপোনাৰ নাই ? তৰুণ গগৈক বৃদ্ধ বুলি উপহাস কৰাতকৈ, পাৰে যদি তেওঁৰ পৰা ভদ্ৰতা শিকক ৷ অখিল গগৈক জেলত ভৰাই থৈ দিয়াতকৈ, পাৰে যদি অখিলৰ দৰে জনপ্ৰিয় হওক ৷ লুৰিণজ্যোতিক ইতিকিং কৰাতকৈ কা বাতিলৰ বাবে মাত মাতক ৷ আৰু আমাক গালি পাৰিবলৈ পানী গুণ্ডাবোৰ লগাই দিয়াতকৈ, পাৰিলে সেই পানী গুণ্ডাবোৰক একোটা চাকৰি দিয়ক ৷ এইয়া বিজেপিৰ প্ৰৱল প্ৰতাপী, যা তা বল্কী, মন্ত্ৰী মহাপুৰুষলৈ আমাৰ আহ্বান ৷ সঁচা কথা ক’বলৈ গ’লে আপোনাৰ কথাবোৰ শুনিবৰ মন নোযোৱা হৈছে ৷ একেবাৰে ৷ ২০ টা মান কেমেৰা আৰু মাইক সমুখত লৈ, কমবয়সীয়া ৰিপৰ্টাৰবোৰক কথাৰে মুখ বন্ধ কৰি সামৰা আপোনাৰ সংবাদমেলখন, আপুনি পৰম সন্তোষ্টিৰে সামৰে ঠিকেই, কিন্তু আমালৈ এৰি থৈ যায় এটা বিৰক্তি ৷ আমি ঘৃণাত নাক কোঁচাই পৰিয়ালক কওঁ- এইজনা বৰ ব’ৰ দেই ৷ আপুনি নুশুনে, কিন্তু আমাৰ বুকুৰ পৰা হাজাৰজনৰ বুকুলৈ বৈ যায় অলেখ বিতৃষ্ণাৰ কোবাল তৰঙ্গ ৷ এই তৰঙ্গত উটি যাবলৈ বেছি পৰ নাই আপোনাৰ ৷ একো দিব নোৱাৰিলেও মানুহক সন্মান দিবলৈ শিকক ৷ নহ’লে আপোনাৰ আগে পিছে ঘূৰি ফুৰা তোষামোদকাৰীবোৰেও এদিন ঘৃণা কৰিবলৈ ল’ব আপোনাক ৷ সময় বৰ নিষ্ঠুৰ ডাঙৰীয়া ৷ সময়ে কাকো ক্ষমা নকৰে ৷ ৰাইজৰ প্ৰতিনিধি হিচাপে আপোনাক আপোনাৰ ভুল শুধৰাই দিয়াৰ অধিকাৰ আমাৰ আছে বাবেই দিলো ৷ আমি আশা ৰাখিম, সময়ে আপোনাক ভাল মানুহ হিচাপে মনত ৰখাটো ৷ হয়তো সেইটো আপুনিও বিচাৰিব ৷ আপোনাৰ বাবে নহ’লেও, উঠি অহা প্ৰজন্মৰ নৈতিক চৰিত্ৰ গঠনৰ স্বাৰ্থতে আপুনি মানুহক সন্মান কৰক ৷ এইয়া আমাৰ আহ্বান ৷
(আপুনি এই প্ৰৱন্ধটি পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ
ই-মেইল : sangbadprahari@gmail.com
নতুবা
হোৱাটচএপ : +917578801008)
No comments:
Post a Comment