তৰুণ গগৈৰ দেহত আছে আজমলৰ তেজ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 24, 2020

তৰুণ গগৈৰ দেহত আছে আজমলৰ তেজ

যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই বাঢ়িছে নেতাৰ মুখ চুপতি। নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া ক্ৰমাত্‍ তীব্ৰতৰ হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মাজত বাকযুদ্ধ।


গুৱাহাটী : যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই বাঢ়িছে নেতাৰ মুখ চুপতি। নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া ক্ৰমাত্‍ তীব্ৰতৰ হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মাজত বাকযুদ্ধ। সুবিধা পালেই এতিয়া ইজনে আনজনক আক্ৰমণৰ লক্ষ্য কৰি লয়। তৰুণ গগৈয়ে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক বিজেপিয়ে আগন্তুক নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিব বুলি মন্তব্য কৰিছিল। এতিয়া এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘ৰঞ্জন গগৈ ৰাজ্যসভাৰ সাংসদ। তৰুণ গগৈয়ে বিবাদ ভাল পায়। ৰাজনৈতিক মৰ্যদাৰ বাবে বিবাদ সৃষ্টি কৰে তৰুণ গগৈয়ে।’

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কটাক্ষ কৰি মন্ত্ৰী হিমন্তই লগতে কয় যে, ‘তৰুণ গগৈৰ তেজ প্ৰকৃততে কাৰ সেয়া পৰীক্ষা কৰিলেহে ওলাব। তৰুণ গগৈৰ প্লাজমা ললে গম পাম। মই ভাবো তৰুণ গগৈৰ দেহত আজমলৰ তেজ আছে। আজমলৰ চৰণত পৰিছে কংগ্ৰেছ।গৌৰৱ গগৈৰ ভৱিষ্যত জীৱনৰ কথা ভাবি ৰাজনীতি কৰিছে তৰুণ গগৈয়ে। ’

নিৰ্বাচন আহিলেই মন্ত্ৰী হিমন্তৰ মুখত শুনা যায় আজমলৰ প্ৰসংগ। বিৰোধী শিবিৰে অভিযোগ কৰে যে, হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া অসমীয়াৰ মনত ভয় সৃষ্টি কৰি ভোট লাভৰ অংকত ব্যৱহাৰ কৰে আজমলৰ নাম। কিন্তু সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘আজমল’ নামটো কি অৰ্থত ব্যৱহাৰ কৰে সেই কথা মুকলিকৈ কয়। মন্ত্ৰীগৰাকীয়ে কয় যে, ‘আজমল নামটোৰে এটা ৰূপক বুজাও। এখন আগ্ৰাহী সমাজ ব্যৱস্থাক বুজাও। যি আজমল নিতৌ জন্ম হৈ আছে।’

ইফালে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সাম্ভাব্য মিত্ৰতাকলৈ কংগ্ৰেছ নেতাকৰ্মী সুখী নহয় বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

No comments:

Post a Comment

SPONSORED