কয়াকুছিত চিটুৰ আহ্বানত ‘বিজেপিৰ পৰা ভাৰত বাচাও’ আন্দোলন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 10, 2020

কয়াকুছিত চিটুৰ আহ্বানত ‘বিজেপিৰ পৰা ভাৰত বাচাও’ আন্দোলন

কয়াকুছি : ৰাজ্যৰ সম্পদ আৰু কৃষক-শ্ৰমিকৰ অধিকাৰ সুৰক্ষাৰ দাবীত অাজি বৰপেটাৰ কয়াকুছিত চিটুৰ আহ্বানত ভাৰত বাচাও আন্দোলন অনুষ্ঠিত কৰে চিটুৱে। বিগত ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ লগত সংগতি ৰাখি ১০ আগষ্টত সামাজিক আৰু শাৰিৰীক দূৰত্ব বজাই ৰাখি ভাৰত বাচাও আন্দোলনত দলে দলে যোগদান কৰি কয়াকুছিস্থিত চিটুৰ কাৰ্যালয়ৰ পৰা পাকাবেতবাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ বিভিন্ন প্লেকাৰ্ড হাতত লৈ এক সমদল উলিয়াই শ্লোগান দি উত্তাল কৰি তুলে।


নিখিল ভাৰত কৃষক সভা আৰু ট্রেড ইউনিয়নসমূহৰ যৌথ মঞ্চ, কয়াকুছিৰ আহ্বানত আয়োজিত অান্দোলনৰ জৰিয়তে বিভিন্ন দাবী উত্থাপন কৰে। দাবী সমূহ হৈছে ক্ৰমে স্বাস্থ্যসেবা সম্পূর্ণৰূপে বিনামূলীয়া আৰু সার্বজনীন কৰা¸ ৰেল, বিদ্যুৎ তেল, কয়লা, বেংকসহ দেশৰ ৰাজহুৱা খণ্ড ব্যক্তিগত কৰণৰ অভিযান বন্ধ কৰা ¸কৰোনা পৰিস্থিতিয়ে আয়হীন কৰি তােলা প্রতিজন ব্যক্তিক প্রতি মাহে ১০ কে.জি কৈ চাউলসহ অত্যাৱশ্যকীয় সামগ্রী যোগান ধৰা¸ লক ডাউনত কর্মহীন মটৰ পৰিবহন শ্রমিকসহ অসংগঠিত খণ্ডৰ সকলো শ্রমিক মাহিলি ৭,৫০০.০০ টকা হাৰে সাহায্য প্রদান কৰা¸ এম.জি.এনৰেগা আঁচনিত দৈনিক ৬০০.০০ টকা হাজিৰাসহ বছৰত দুশ দিনৰ কাম নিশ্চিত কৰা¸ আঁচনিভূক্ত কর্মচাৰীসকলক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়া আৰু শ্ৰমিকৰ কামৰ সময় আঠ ঘণ্টাৰ বিপৰীতে বাৰ ঘণ্টা কৰাৰ নিয়ম বাতিল কৰা¸ঘৰলৈ উভতি অহা প্রব্রজিত শ্ৰমিকসকলৰ কর্মসংস্থাপনৰ ব্যৱস্থা কৰা¸বান আৰু গৰাখহনীয়াত ক্ষতিগ্রস্ত পৰিয়াললৈ উপযুক্ত সাহায্য দিয়া আৰু অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া¸ কৃষিভূমি অধিগ্রহণ আইন আৰু শ্ৰম সংহিতা আইন বাতিল কৰা¸ পৰিৱেশিক প্রভাৱ নিৰূপণ (E.I.A) ২০২০ বিধেয়ক বাতিল কৰা¸ মাটিৰ খাজনা বিঘাই প্রতি ৫২.০০ টকাৰ বিপৰীতে ১৫৩.৫০ টকা কৰাৰ সিদ্ধান্ত প্রত্যাহাৰ কৰা¸ নিত্য প্রয়ােজনীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা দাবীৰ ভিত্তিত আয়োজিত আৰু পাকাবেতবাৰী উন্নয়ন খণ্ডৰ কয়াকুছিস্থিত কাৰ্যালয় প্রাঙ্গণত অনুষ্ঠিত আজিৰ ভাৰত বাচাও কাৰ্যসুচীত কেইবা শতাধিক শ্ৰমিক-কৃষকে সহযোগ কৰে।


উক্ত দাবীৰ ভিত্তিত অনুষ্ঠিত ভাৰত বাচাও আন্দোলনত সর্বস্তৰৰ ৰাইজৰ অংশগ্রহণৰ সৈতে নেতৃত্ব প্ৰদান কৰে কৃষক নেতা আফাজ উদ্দিন আহমেদ¸ কলিমুদ্দিন আহমেদ¸ কয়াকুছি আঞ্চলিক কৃষক সভাৰ সভাপতি জয়নাল আবেদিন¸ যুটীয়া সহকাৰী সম্পাদক তাহেৰ আলী আৰু ছেলিম আলী¸ বাওঁপন্থী নেতা পিয়াৰুল ইছলাম আহমেদ¸ চিটুৰ কৰ্মী তথা গণশিল্পী ইউছুপ আলীকে আদি কৰি বহুতো গন্য-মান্য ব্যক্তিসকলে।

No comments:

Post a Comment

SPONSORED