বিশিষ্ট বড়ো সাহিত্যিক, লেখক-সমাজকৰ্মী ধৰণীধৰ ওৱাৰীৰ দেবাৱসান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, August 21, 2020

বিশিষ্ট বড়ো সাহিত্যিক, লেখক-সমাজকৰ্মী ধৰণীধৰ ওৱাৰীৰ দেবাৱসান

বৰপেটাৰোড : বাক্সা জিলাৰ শালবাৰীৰ কুঠৰিঝাৰৰ বিশিষ্ট সাহিত্যিক সাহিত্য একাডেমী বঁটা প্ৰাপক ধৰণীধৰ ওৱাৰীৰ নিজ বাসগৃহত নিশা দেহাৱসান ঘটে। 



৭০ বছৰ বয়সত মৃত্যু হয় বিশিষ্ট সাহিত্যিক গৰাকীৰ। অৱসৰ প্ৰাপ্ত শিক্ষক তথা সাহিত্যিক ধৰণীধৰ ওৱাৰীয়ে বড়ো সাহিত্য জগতলৈ আগবঢ়োৱা অৱদাণৰ বাবে 'সামেশ্বৰী সোঁৱৰণী' বঁটা , 'প্ৰমোদ চন্দ্ৰ' ব্ৰহ্ম বঁটা, ইংখং গোষ্ঠীৰ 'মেন অফ দা ইয়াৰ' লাভ কৰিছিল।

'মেনহুৰ' নামৰ বড়ো উপন্যাসখনৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ধৰণীধৰ ওৱাৰীয়ে। সাহিত্যিক পেঞ্চন লাভ কৰা সাহিত্যিকগৰাকীৰ মৃত্যুত বড়ো সাহিত্য সভা, এবছু, বিভিন্ন দল- সংগঠনৰ লগতে তেওঁৰ অনুগামী সকলে গভীৰ শোক প্ৰকাশ কৰে।

No comments:

Post a Comment

SPONSORED