ভূৱা বাণিজ্যৰে নিৱনুৱাক লুণ্ঠন প্ৰৱঞ্চকৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 9, 2020

ভূৱা বাণিজ্যৰে নিৱনুৱাক লুণ্ঠন প্ৰৱঞ্চকৰ

গুৱাহাটী : কোৰোনা আৰু লকডাউনে বিধ্বস্ত কৰা অৰ্থনীতিৰ ফলত দেশত বৃদ্ধি পাইছে নিবনুৱা। তাৰে সুবাদতে একাংশই বিভিন্ন প্ৰতিষ্ঠানৰ নামত ভুৱা বাণিজ্য কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে, মহানগৰ খনৰ হাতীগাওঁ সেউজী পথৰ এখন অট্টালিকাত গঢ় লৈ উঠিছে S & I B service pvt.ltd. নামৰ এটি প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ উত্তৰ পূৰ্বাঞ্চালৰ দায়িত্বত আছে নাছিম আহমেদ নামৰ এজন প্ৰৱঞ্চক।

    

পূৰ্বে ভূৱা বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰা এই প্ৰৱঞ্চক গৰাকীয়ে ৰাজ্যখনত আকৌ কলিকতাস্থিত S & I B প্ৰতিষ্ঠানৰ জৰিয়তে মাহানগৰীত কাৰ্যালয় খুলি ভূৱা প্ৰতিশ্ৰুতিৰে নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। লক্ষণীয় যে, Sunrise Advt & Marketing Pvt LTD. নামৰ ভূৱা বিত্তীয় প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালকৰ দায়িত্বত আছিল এই গৰাকী নাছিম আহমেদ নামৰ প্ৰৱঞ্চক। 

 প্ৰৱঞ্চকজনৰ বিৰুদ্ধে চলি আছে বহু কেইটা গোচৰ। প্ৰাপ্ত তথ্য মতে, কেৱল ডিমাপুৰৰ পৰাই ৮০ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত ডিমাপুৰত চলি আছে ৩৭/২০১৫ নামৰ এটি গোচৰ। আত্মসাতৰ ধনেৰে প্ৰৱঞ্চক গৰাকীয়ে পত্নীৰ নামত বিশাল সম্পত্তিৰ পাহাৰ গঢ়িছে। সম্প্ৰতি আকৌ উত্তৰ পূৰ্বাঞ্চলত লুষ্ঠনৰ জাল পেলেৱা কাৰ্যত পূৰ্বৰ ভূক্তভোগীসকলে চি এই ডি'ৰ তন্দন্তৰ দাবী উত্থাপন কৰিছে।

No comments:

Post a Comment

SPONSORED