১৬ আগষ্টৰ পৰা UNLOCK- 3.0, কি কি নতুন নিৰ্দেশনা? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 13, 2020

১৬ আগষ্টৰ পৰা UNLOCK- 3.0, কি কি নতুন নিৰ্দেশনা?

১৬ আগষ্টৰ পৰা ৰাজ্যত আনল’ক ৩.০। অহা ৩১ আগষ্টলৈকে বলৱত্‍ থাকিব আনল’ক ৩.০। আনল’ক ৩.০ৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে বহু খিনি নিৰ্দেশনা। ইতিমধ্যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে গাইড লাইন।


  • পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈকে পথৰ দুয়োকাষে খুলিব পাৰিব দোকান।
  • ৫০ শতাংশ যাত্ৰীৰে সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত।
  • চিটি বাছ চলিব ৫০ শতাংশ যাত্ৰীয়ে।
  • ৰাজহুৱা পৰিবহণৰ সুবিধা। কোভিড প্ৰটক’ল মানি চলাটো বাধ্যতামূলক।
  • নিশা ৯.৩০ বজাৰ পৰা পুৱা ৫ বজালৈকে সাধাৰণ লোকৰ চলা-ফুৰা বন্ধ।
  • ৰাজহুৱা স্থানত গোটখা, সুৰাপান কৰা নিষেধ।
  • ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, ৰাজনৈতিক অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠানত ৫০ জনতকৈ অধিক মানুহ সমবেত হ’ব নোৱাৰিব।
  • চিনেমা হল, ছুইমিং পুল, থিয়েটাৰ, প্ৰেক্ষাগৃহ বন্ধ থাকিব।
  • কণ্টেইনমেণ্ট জনত নাথাকিব কোনো শিথিলতা। সম্পূৰ্ণ চলা-ফুৰা বন্ধ।
  • শনিবাৰ আৰু দেওবাৰে ৰাজ্যত থাকিব সাপ্তাহিক ল’কডাউন।
  • ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

No comments:

Post a Comment

SPONSORED