নিয়া’ই গ্ৰেপ্তাৰ কৰিলে ৯ আল-কায়দা সন্ত্ৰাসবাদী, পাকিস্তানৰপৰা চলিছিল প্ৰশিক্ষণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 19, 2020

নিয়া’ই গ্ৰেপ্তাৰ কৰিলে ৯ আল-কায়দা সন্ত্ৰাসবাদী, পাকিস্তানৰপৰা চলিছিল প্ৰশিক্ষণ

নতুন দিল্লী : ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (নিয়া)ই সন্ত্ৰাসবাদবিৰোধী অভিযানত ব্যাপক সাফল্য লাভ কৰিছে। কেৰালা আৰু পশ্চিমবংগত কেইবাঠাইতো তদন্ত চলাই নিয়াই গ্ৰেপ্তাৰ কৰিছে বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আল-কায়দাৰ ৯জনকৈ সদস্যক। পশ্চিমবংগৰ মুৰ্ছিদাবাদ আৰু কেৰালাৰ এৰ্নাকুলামত নিয়াই এই অভিযান চলায় আৰু নজনকৈ দুধ্বৰ্ষ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

নিয়াই পশ্চিমবংগ আৰু কেৰালাকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ মাজত আল-কায়দা সন্ত্ৰাসবাদীৰ গতিবিধি চিহ্নিত কৰিছিল। এই সন্ত্ৰাসবাদীৰ দলে দেশৰ বিভিন্ন স্পৰ্শকাতৰ স্থানত আক্ৰমণ চলাই নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱাৰ পৰিকল্পনা কৰিছিল।’ পশ্চিমবংগত ছজন সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হোৱাৰ পাছতে নিয়াই এক আনুষ্ঠানিক বিজ্ঞপ্তিৰ জৰিয়তে এই কথা সদৰী কৰে। তাৰ পাছত কেৰালাত নিয়াৰ অভিযানত আন তিনিজন সন্ত্ৰাসবাদী ধৰা পৰে।

সন্ত্ৰাসবাদীৰ দলটোৰপৰা নিয়াই ব্যাপক মাত্ৰাত বিভিন্ন অস্ত্ৰ-শস্ত্ৰ তথা জেহাদীৰ সৈতে সম্পৰ্কীত বিভিন্ন নথি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নিয়াই প্ৰকাশ কৰা অনুসৰি এই লোকসকলক পাকিস্তানত থকা আল-কায়দাৰ নেতাই ছ’চিয়েল মিডিয়াৰে বিভিন্ন প্ৰশিক্ষণ তথা শিক্ষা প্ৰদান কৰি ভয়ংকৰ আৰু কট্টৰপন্থী মানসিকতাৰে গঢ়ি তুলিছিল।পাকিস্তানী সন্ত্ৰাসবাদীয়েই এই সন্ত্ৰাসবাদী কেইজনক ভাৰতত ৰক্তক্ষয়ী আক্ৰমণ সংঘটিত কৰিবলৈও প্ৰৰোচিত কৰিছিল। দিল্লী-এনচিআৰ-তো আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল এই দলটোৱে। এই উদ্দেশ্যে ধন সংগ্ৰহ কৰাৰ লগতে দিল্লীলৈ গৈ অস্ত্ৰ ক্ৰয় কৰাৰো পৰিকল্পনা কৰিছিল একাংশ সদস্যই। আজি নিয়াৰ জালত পৰা সন্ত্ৰাসবাদী কেইজন হৈছে, মু্ৰ্শ্বিদ হাছান, ইয়াকুব বিশ্বাস, মোছাৰফ হোছেন, নাজমাছ ছাকিব, আবু ছুফিয়ান, মইনুল মণ্ডল, লেউ ইয়ান আহমেদ, আল মামুন কামাল আৰু আতিউৰ ৰহমান।

No comments:

Post a Comment

SPONSORED