দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৃষি-জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতিৰ তদন্ত হবনে? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 24, 2020

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৃষি-জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতিৰ তদন্ত হবনে?

ব্যুৰ’ ৰিপৰ্ট : 
মাননীয় মুখ্যমন্ত্ৰী মহোদয়, 
ৰাজসিংহাসন দখল কৰি চাৰিটা বছৰ অতিক্ৰম কৰিলে৷ আকৌ বিধানসভা নিৰ্বাচন আহি আছে৷ মুখ্যমন্ত্ৰী হিচাপে বাটে-ঘাটে, সভা-সমিতিয়ে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰা হব বুলি দম্ভালি মাৰি আহিছে৷

   

পিছে আপোনাৰ বাণী আপোনাৰ জেহাদ আপোনাৰ মুখতেই সীমাৱদ্ধ৷ ইমানকৈ কিয় কৈছো জানেনে? এয়া দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৃষি বিভাগৰ কাৰ্যালয়৷ এই কাৰ্যালয়ৰ পৰাই দীৰ্ঘদিনে কৃষি বিভাগৰ বিভিন্ন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত চলি আছে ভয়ংকৰ দুৰ্নীতি৷ বিভাগটোৰ দুৰ্নীতিৰ তথ্য উদং কৰি ধাৰাবাহিক আমি সবিস্তাৰে প্ৰকাশ কৰি আহিছো বাতৰি৷ সংবাদ প্ৰহৰীৰ ধাৰাবাহিক বাতৰি প্ৰকাশ হোৱাৰ পিছতেই গা লৰিল জিলা প্ৰশাসনৰ৷ জিলা প্ৰশাসনে বিভাগটোত চলি থকা দুৰ্নীতিৰ তদন্ত ঘোষণা কৰিলে৷ দুদিনমান ঠিকেই চলিল তদন্ত প্ৰক্ৰিয়া৷ কিন্ত মেনেজ কৰাত পাকৈত জিলা কৃষি বিষয়া মোজাম্মেল হক, কনিষ্ঠ অভিযন্তা নুৰুল আমিন, ঠিকাদাৰ ৰূপী দালাল- লাকী, লালমিয়া, বাচ্ছু, নাণ্টু৷ হয়তো ইহতেই মেনেজ কৰিলে জিলা প্ৰশাসনক৷ ফলত সম্প্ৰতি উক্ত দুৰ্নীতিৰ তদন্তৰ নামত এতিয়া চলি আছে ভেকোভাওনা৷ মুখ্যমন্ত্ৰী মহোদয়, একেই দশা আপোনাৰ আন আন বিভাগতো৷ দক্ষিন-শালমাৰা মানকাচৰ জিলা কৃষি বিভাগত চলি থকা দুৰ্নীতিৰ তদন্ত বিচাৰি কৃষক শ্ৰমিক কল্যাণ পৰিষদে অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল আপোনালৈ৷ লগতে প্ৰেৰণ কৰিছিল কৃষি মন্ত্ৰী অতুল বৰা, কৃষি বিভাগৰ সঞ্চালকালয়, দুৰ্নীতি নিবাৰক শাখাতো৷ মাথো উক্ত অভিযোগ পত্ৰৰ কোনো প্ৰত্যুত্তৰহে নাহিল৷ 

প্ৰত্যুত্তৰ আহিবই বা কিয়? মেনেজ হল নেকি কৃষি মন্ত্ৰী অতুল বৰাও? দুৰ্নীতিত অভিযুক্ত লাকী, লালমিয়া, বাচ্ছু, নাণ্টু প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰেই চেলা-চামুণ্ডা৷ সন্মুখত নিৰ্বাচন৷ ধনতো ঘটিবই লাগিব৷ ক্ষমতাও লাগিব৷ লাগিব ভোট৷ গতিকে এইসকল চেলা-চামুণ্ডাক হাতত ৰাখিবলৈ হয়তো মন্ত্ৰী অতুল বৰাকো মেনেজ কৰা হল৷ কাৰণ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম মন্ত্ৰী অতুল বৰাৰ দল অগপৰ নেতা৷ 

এইবাৰ মন কৰক এই দৃশ্যলৈ৷ এয়া একেখন জিলাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়৷ পঞ্চায়তে পঞ্চায়তে শৌচালয় নিৰ্মাণৰ নামত চলি আহিছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি৷ "গ্ৰামীণ নীলকমল সমিতি"কে আদি কৰি একাংশ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাই এছ ডি অ’ ছফিয়ৰ ৰহমান মোগল আৰু কনিষ্ঠ অভিযন্তা হাৰুণ আল ৰছিদক মেনেজ কৰি অনায়াসে চলাই আহিছে লুণ্ঠৰাজ৷ এই কাৰ্যালয়ৰ পৰাই কাৰ্যবাহী অভিযন্তা নাছিমুল হক খন্দকাৰৰ আশিষ লৈ বিগত ২৪ টা বছৰে কনিষ্ঠ অভিযন্তা হাৰুণ আল ৰচিদে একেটা পদত অধিষ্ঠিত থাকি নিজৰ খেয়াল-খুচিমতে বিভাগটোত লুণ্ঠন চলাই গঢ়িছে সম্পত্তিৰ পাহাৰ৷ 

নিয়মানুসৰি বিষয়া পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী এজনে একেটা স্থানত তিনি বছৰহে থাকিব পাৰে৷ কিন্তু তিনি গ’ল, বাৰ গ’ল, চব্বিছো পাৰ হ’ল৷ অগপ গ’ল, কংগ্ৰেছো গ’ল, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ চৰকাৰৰো চাৰি বছৰ পাৰ হল, মাথো সলনি নহ’ল কনিষ্ঠ অভিযন্তা হাৰুণ আল ৰচিদৰ চকী আৰু স্থান৷ যেন আপোনাতকৈ অধিক ক্ষমতাশালী কনিষ্ঠ অভিযন্তা হাৰুণ আল ৰচিদ৷ সেয়ে হয়তো সলনি নহ’ল তেওৰ চকী নাইবা স্থান৷ নহ’ল দুৰ্নীতিৰ কোনো তদন্ত৷

No comments:

Post a Comment

SPONSORED