বাঘজানত আজি পৰ্যন্ত ক্ষতিগ্ৰস্থ লোকসকলে লাভ নকৰিলে উচিত ক্ষতিপূৰণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, September 17, 2020

বাঘজানত আজি পৰ্যন্ত ক্ষতিগ্ৰস্থ লোকসকলে লাভ নকৰিলে উচিত ক্ষতিপূৰণ

তিনিচুকীয়া : পুনৰ প্ৰতিবাদেৰে উত্তাল হৈছে বাঘজান। বাঘজান কাণ্ডই ১১৬দিন অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত ক্ষতিগ্ৰস্থ লোকসকলে লাভ নকৰিলে উচিত ক্ষতিপূৰণ। অইল ইণ্ডিয়া, চৰকাৰ তথা জিলা প্ৰসাশনৰ তৰফৰ পৰা বাঘজান-কলীয়াপানীবাসীয়ে আজিলৈকে কেৱল মাত্ৰ আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ বাহিৰে একোৱেই লাভ কৰিবলৈ সক্ষম নহ’ল। যাৰ প্ৰতিবাদত আজিৰে পৰা পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বাঘজানত ক্ষতিগ্ৰস্থ বাঘজান-কলীয়াপানীবাসী লোকসকলে।



আজি বাঘজান EPS (Early Production System)ৰ প্ৰৱেশ-পথ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লগতে বাঘজান BGR-5 নম্বৰ তৈলখাদলৈ যোৱা পথ অৱৰোধ কৰিছে ক্ষতিগ্ৰস্থ এই লোকসকল। ক্ষতিগ্ৰস্থ প্ৰতিটো পৰিয়ালক উচিত ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত অনিদিষ্টকালীনভাৱে অইলৰ সকলো কাম-কাজ অৱৰোধ কৰাৰ কথা উল্লেখ কৰিছে প্ৰতিবাদকাৰীসকলে।

উল্লেখ্য যে, ক্ষতিগ্ৰস্থ লোকসকলক উচ্চিত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত আন্দোলন চলাই গৈছে যদিও ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ, অইল ইণ্ডিয়া তথা জিলা প্ৰসাশনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে ক্ষতিগ্ৰস্থ লোকসকলে।

No comments:

Post a Comment

SPONSORED