গুৰু দক্ষিণা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 5, 2020

গুৰু দক্ষিণা


পৰম শ্ৰদ্ধাভাজন শিক্ষাগুৰু মহাশয়,
শিক্ষক দিৱসৰ এই শুভ সন্ধিক্ষণত অজ্ঞানতাৰ তিমিৰাচ্ছন্ন পোহৰ সন্ধানী মই হেন জ্ঞানান্ধসকলে মমৰ দ্বীপ্ত প্রদীপটোৰ দৰে নিজে ভষ্ম হৈ সেই জ্যোতিৰ তেজেৰে আমাৰ অন্ধ চকুত পোহৰৰ উৎস গঢ়ি তোলাৰ আপোনাৰ এই মহান প্রয়াসক সন্মান জনোৱাৰ ভাষা আমাৰ মুঠেও নাই৷ এনেকি, গুৰুদক্ষিনা প্রদানৰ ও যথাযোগ্য বিকল্প কোনো পন্থা আমাৰ বাবে অকল্পনীয়৷ সেয়ে আপোনাৰ পূতঃ যুগল পদ থাপনাত মাথো শ্বাষ্টাংগ প্ৰণিপাত অৰ্পন কৰিছোঁ৷

হে মহামহিম, হে সূধীজন, হে গুৰুজন, মাতা গুৰু, পিতা গুৰু, গুৰু জ্যেষ্ঠজন, সবাতোকৈ শ্ৰেষ্ঠ গুৰু শিক্ষা গুৰুজন৷ এয়া জানিও আপোনাৰ প্রাপ্য সন্মানেৰে আপোনাক হয়তো সন্মানিত কৰিব পৰা নাই! অন্ধ স্তুপত স্তুপিকৃত ভুলৰ সমষ্টিবোৰক সংশোধন কৰি অন্ধকাৰ আকাশৰ দিবাকৰ গঢ়াৰ লক্ষ্যত যদি কদাচিতও মহোদয়ৰ মনোকষ্টৰ কাৰন কেতিয়াবা হৈছোঁ তেন্তে আপোনাৰ মহানুভৱতাৰে ভৰপূৰ হৃদয়ৰ দ্বাৰ প্রান্তত ভীক্ষাৰ জোলোঙা এটি কান্ধত লৈ আপোনাৰ দয়াৰ দৃষ্টিৰে ক্ষমা উপাদানেৰে কান্ধৰ জোলোঙা ভৰপূৰ কৰিব বুলি অধিৰ আগ্রহেৰে বাট চাই ৰ’লো৷ এয়া সৰ্বজনবিদিত যে, শিক্ষাগুৰু এগৰাকী অতি স্বাভাৱিকভাৱে অজ্ঞানতাৰ অন্ধকাৰ আকাশৰ এটিকৈ সূউজ্জল নক্ষত্র৷ সেয়ে এজন শিক্ষক হিচাপে আপুনিও এটি নক্ষত্র৷ এই নক্ষত্র আছিল, আছে আৰু থাকিব চিৰকাল৷ এই প্রত্যয় দৃঢ়তাৰে সৈতে বক্ষত ধাৰণ কৰিছোঁ৷এয়াই মহোদয়ৰ পদ প্রান্তত এই জ্ঞানান্ধৰ ‘গুৰু দক্ষিনা’৷পৰিশেষত মহোদয়ৰ সৰ্বাংগীন মংগল কামনা কৰিলোঁ৷ ইতি-
মহোদয়ৰ পদৰেণু
মোজাম্মেল হক
বিলাসী পাৰা বজাৰ, বৰপেটা


✍ (আপুনি এই চিঠি পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ
ই-মেইল : sangbadprahari@gmail.com
নতুবা
হোৱাটচএপ : +917578801008)

No comments:

Post a Comment

SPONSORED