চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে সৰৱ বন বিভাগ আৰু আৰক্ষী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 19, 2020

চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে সৰৱ বন বিভাগ আৰু আৰক্ষী

 চিৰাং : চিৰাঙত চোৰাং কাঠ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে সৰৱ বন বিভাগ আৰু আৰক্ষী৷ আৰক্ষীয়ে যিমানেই কঠোৰ স্থিতি গ্ৰহণ কৰিছে তাৰ বিপৰীতে বনবিভাগৰ চকুত ধূলি দি নতুন নতুন পদ্ধতি অৱলম্বন কৰি চোৰাং কাঠৰ সৰবৰাহ কৰা কাৰ্য অব্যাহত ৰখা পৰিলক্ষিত হৈছে ।

শুকুৰবাৰে নিশা চিৰাং আৰক্ষীৰ অভিযানত তেনে এক ঘটনা পোহৰলৈ আহিছে৷ আৰক্ষী সুত্ৰে জানিবলৈ দিয়া মতে, নিশা গোপন সুত্ৰৰ পোম খেদি আৰক্ষীয়ে কাজলগাঁৱৰ সমীপৰ চোৰাং কাৰবাৰৰ ঘাটি হিচাপে পৰিচিত পশ্চিম বিলাসপুৰ গাঁৱত এক অভিযান চলাইছিল৷ আৰু এই অভিয়ানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ভৰ্তি পঞ্জীয়ন নং বিহীন বগা ৰঙৰ যাত্ৰীবাহী টাটা উইংগাৰ বাহন এখন জব্দ কৰে। আৰক্ষীয়ে বাহনখন জব্দ কৰে যদিও পলায়ন কৰে বাহনখনৰ চালক৷ পাছত আৰক্ষীয়ে কেইবা লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠভৰ্তি উইংগাৰ বাহনখন ঢালিগাঁও থানাত লৈ যায় ।

উল্লেখ্য যে চিৰাঙৰ ডিএফঅ’ৰ কাৰ্যালয়ৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ নিলগত পশ্চিম বিলাসপুৰ গাঁৱত চোৰাং কাঠৰ ব্যৱসায়ৰ ঘাটি বুলি পৰিচিত হৈ আহিছে৷ এই গাঁওখনৰ পৰা আৰক্ষীয়ে মাজে-সময়ে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ বিপৰীতে বন বিভাগৰ লোকে এইক্ষেত্ৰত ৰহস্যজনক ভুমিকা পালন লোৱাৰ অভিযোগো উত্থাপিত হৈ আহিছে।




No comments:

Post a Comment

SPONSORED