ৰাইজে মোক সন্দেহ কৰিব নালাগে, মই কেতিয়াও চৰকাৰী ব্ৰেণ্ড এম্বেছাদৰ নহওঁ : জুবিন গাৰ্গ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 3, 2020

ৰাইজে মোক সন্দেহ কৰিব নালাগে, মই কেতিয়াও চৰকাৰী ব্ৰেণ্ড এম্বেছাদৰ নহওঁ : জুবিন গাৰ্গ

গুৱাহাটী : মই যুৱ প্ৰজন্মক খেতিৰ প্ৰতি আগুৱাই নিবলৈ হে খেতিৰ কামত লাগিছো। মোক ৰাইজে সন্দেহ কৰিব নালাগে। মই কেতিয়াও চৰকাৰী ব্ৰেণ্ড এম্বেছাদৰ নহওঁ। এই মন্তব্য যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ।


একাংশ শিল্পীয়ে ৰাজনৈতিক দলত যোগদান কৰা প্ৰসংগত জুবিন গাৰ্গে ক’লে – শিল্পীসকলে ৰাজনৈতিক দলত যোগদান কৰাটো তেওঁলোকৰ ব্যক্তিগত কথা, তাত মোৰ ক’বলগীয়া একো নাই। মই নিঃস্বাৰ্থভাৱে কা আন্দোলনত লাগিছিলো আৰু সদায় লাগি যাম।কা আন্দোলনৰ কথা আহিলেই মই আকৌ প্ৰতিবাদ কৰিম। ফুটবল দলত এইবাৰ নতুন মানুহ ল’ম।

অসমীয়া ছুপাৰহিট ছবি ডক্টৰ বেজবৰুৱাৰ ছিকুৱেল নিৰ্মাণৰ এক প্ৰয়াস কৰিছে এ এম টেলিভিছনৰ বেনাৰত। সেই উপলক্ষে আজি এক সংবাদমেলৰ আয়োজন কৰা হয়।

ছবিখনৰ প্ৰযোজক সঞ্জীৱ নাৰায়ণ, সহ-প্ৰযোজক ডাঃ অক্ষতা নাৰায়ণ। কাহিনী–চিত্ৰনাট্য ৰাজদ্বীপৰ। মুখ্য চৰিত্ৰত অভিনয় কৰিব আদিল হুছেইনে। এই সংবাদ মেলত উপস্থিত থাকে জুবিন গাৰ্গ, নিপন গোস্বামী, কিংকিনি গোস্বামী আৰু সিদ্ধাৰ্থ গোস্বামীও।

No comments:

Post a Comment

SPONSORED