✍ শ্বহিদুল ইছলাম
৩ নং বলদমাৰী চৰ, গোৱালপাৰা
কথাবোৰ মনত পৰিলে
আজিও চকুৰে অশ্রু বৈ যায় নীৰৱতাৰে
সৌদিনা সহযাত্ৰী আছিলা...
দুয়ো খোজ মিলাই আগবাঢ়িছিলো ব্যস্ত চহৰত
কেতিয়াবা বিলাসী হোটেল
কেতিয়াবা মহাবাহু ব্ৰহ্মপুত্ৰৰ নিৰ্জন পাৰত
আৰু মহাবিদ্যালয়ৰ কৃষ্ণচূড়াৰ গুৰিত
দুয়োৰে লক্ষ্য
আৰু সপোনবোৰও একেই আছিল
তুমিয়েই কৈছিলা-"এই চহৰখন আলফুলীয়া"--
আজি কিন্তু বিষাদ হৈ পৰিছে চহৰ
তুমি নাই বাবেই সকলোবোৰ ৰং হেৰুৱালে-!
দূৰভাষ : ৬০০৩২৬৭৪০৮
(আপুনি এই কবিতাটি পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ
ই-মেইল : sangbadprahari@gmail.com
নতুবা
হোৱাটচএপ : +917578801008)
No comments:
Post a Comment