বৰপেটাৰ গণককুছি সত্ৰত লণ্ডভণ্ড : দুষ্ট চক্ৰই মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক ব্যৱহাৰ কৰাৰ সন্দেহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 3, 2020

বৰপেটাৰ গণককুছি সত্ৰত লণ্ডভণ্ড : দুষ্ট চক্ৰই মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক ব্যৱহাৰ কৰাৰ সন্দেহ

বৰপেটাৰ পৰা চাইজুৰ ৰহমান :
সত্ৰনগৰী বৰপেটাৰ গণককুছি সত্ৰত অঘটন৷ এজন মানসিকভাৱে বিকাৰগ্ৰস্থ ইছলামধৰ্মী যুৱকে জ্বলাই দিলে গুৰু আসন৷ লণ্ডভণ্ড কৰিলে পৱিত্ৰ ভিঠিত থকা শৰাই আৰু অন্যান্য সামগ্ৰী৷ গণককুছি সত্ৰৰ শ্ৰীৰাম আতাৰ পৱিত্ৰ ভিঠিৰ গুৰু আসন জ্বলালে মানসিকভাৱে বিকাৰগ্ৰস্থ ৰফিকুল আলী নামৰ যুৱকজনে৷


গুৰু আসনখন সত্ৰ বাহিৰলৈ উলিয়াই আনি জ্বলাই দিয়ে যুৱকজনে৷ গুৰু আসনৰ লগতে জ্বলাই দিয়ে গছা এপাতো৷ এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ ক্ষুব্ধ ৰাইজে যুৱকজনক কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক৷ ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে যুৱকজনক৷ জানিব পৰা মতে, সেই সময়ত সত্ৰত উপস্থিত নাছিল কোনো লোক৷ পিছত সত্ৰত উপস্থিত হোৱা লোকে ধোঁৱা আৰু জুই দেখি দৌৰি গৈ গুৰু আসনখন জ্বলি ভস্মীভূত হোৱা দেখিবলৈ পোৱাত হাহাকাৰ লাগে। 

উল্লেখযোগ্য বৰপেটাৰ ভেল্লাৰ শান্তিপুৰৰ উক্ত মানসিকভাৱে বিকাৰগ্ৰস্থ যুৱকজনে পূৰ্বেও কেওটকুছি সত্ৰৰ লক্ষ্মী মন্দিৰৰ দেৱী মূৰ্তিৰ ক্ষতিসাধন কৰাৰ লগতে মন্দিৰৰ বহু সামগ্ৰী জ্বলাই ভস্মীভূত কৰিছিল৷ উক্ত ঘটনাৰ তদন্ত কৰি ৰফিকুল ইছলাম যে মানসিকভাৱে বিকাৰগ্ৰস্থ, সেয়া আৰক্ষীয়ে তেতিয়াই উল্লেখ কৰিছিল৷ একেদৰে ইয়াৰ পূৰ্বেও নিজৰ বাসগৃহতো অগ্নি সংযোগ কৰি আচবাব লণ্ডভণ্ড কৰাৰ লগতে অঞ্চলটোৰ কণ কণ ল’ৰা-ছোৱালীক মাৰিবলৈ খেদি ফুৰে৷ পিতৃ-মাতৃহীন অতিকৈ দৰিদ্ৰ ৰফিকুলৰ এনে মানসিক বিকাৰগ্ৰস্থতাৰ বাবে স্থানীয় ৰাইজে দান-বৰঙণি সংগ্ৰহ কৰি চিকিৎসাৰ ব্যৱস্থাও কৰিছিল৷

এনে মানসিক বিকাৰগ্ৰস্থতাৰ সুযোগ লৈ কোনো দুষ্ট চক্ৰই হিন্দু-মুছলমানৰ মাজৰ সম্প্ৰীতি বিনষ্ট কৰিবলৈ ৰফিকুল ইছলমাক ঢাল হিচাপে ব্যৱহাৰ কৰিব পাৰে বুলি বিভিন্নজনে মত পোষণ কৰিছে৷ গতিকে আৰক্ষীয়ে উক্ত ঘটনাৰ সঠিক তদন্ত কৰি মানসিকভাৱে বিকাৰগ্ৰস্থ ৰফিকুল ইছলামক এইবেলি চৰকাৰীভাৱে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ সচেতন মহলে আহ্বান জনায়৷ ইপিনে উক্ত ঘটনাৰ আলম লৈ কোনো দুষ্ট চক্ৰই যাতে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব নোৱাৰে তাৰ বাবে আৰক্ষী-প্ৰশাসনক কঠোৰ দৃষ্টি নিক্ষেপ কৰিবলৈ আৰু সকলো পক্ষকে সজাগ আৰু সংযম বৰ্তাই ৰাখিবলৈ বিভিন্ন দল-সংগঠনে আহ্বান জনাইছে৷

No comments:

Post a Comment

SPONSORED