কেৱল থেংক ইউ ল’জতে নহয়, মহানগৰীৰ এপ’ল' হাস্পতালতো গোপনে চলিছিল SI পৰীক্ষাৰ কাম-কাজ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 25, 2020

কেৱল থেংক ইউ ল’জতে নহয়, মহানগৰীৰ এপ’ল' হাস্পতালতো গোপনে চলিছিল SI পৰীক্ষাৰ কাম-কাজ

গুৱাহাটী:মহানগৰীৰ এপ’ল' হাস্পতাল চলিছিল SI পৰীক্ষাৰ কাম-কাজ, প্ৰাৰ্থী তালিকা হাস্পতালখনৰ কম্পিউটাৰত
চলি আছে তদন্ত প্ৰক্ৰিয়া। তদন্তত ওলাইছে নতুন নতুন তথ্য।
 কেৱল থেংক ইউ ল’জতে নহয়, মহানগৰীৰ এপ’ল' হাস্পতালতো গোপনে চলিছিল অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ লগত জড়িত বহু কাম-কাজ। বৃহস্পতিবাৰে পৰীক্ষা কেন্দ্ৰটোত চলিল ক্ৰাইম ব্ৰান্সৰ অভিযান। থেংক ইউ  ল’জৰে স্বত্বাধিকাৰীয়ে চলাইছিল কেন্দ্ৰটো।
চিকিৎসালয়খনৰ কম্পিউটাৰত সন্নিবিষ্ট পৰীক্ষাৰ বহু গোপন তথ্য। প্ৰাৰ্থী তালিকা তথা অন্যান্য কাম কাজ চলিছিল হাস্পতালৰ কম্পিউটাৰত। হাস্পতালৰ ‘IT চেকচনৰ বিষয়া আছিল প্ৰাঞ্জল শৰ্মা, প্ৰণৱ বৰা আৰু অলকেশ দাস। IT বিভাগৰ কম্পিউটাৰত প্ৰস্তুত হৈছিল পৰীক্ষা কেন্দ্ৰৰ কাম কাজ। গ্ৰেপ্তাৰ হোৱা তিনি অভিযুক্তক লগত লৈ চলিছে অভিযান।

No comments:

Post a Comment

SPONSORED