বদৰুদ্দিন আজমল কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী নহয়,আকৌ এবাৰ স্পষ্ট কৰি দিলে AIUDF য়ে। - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 21, 2020

বদৰুদ্দিন আজমল কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী নহয়,আকৌ এবাৰ স্পষ্ট কৰি দিলে AIUDF য়ে।

 বদৰুদ্দিন আজমল কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী নহয়, নকৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা


বদৰুদ্দিন আজমল কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী নহয়, নকৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা AIUDF য়ে পুনৰ বাৰ স্পষ্ট কৰিলে দলৰ সিদ্ধান্ত বদৰুদ্দিন আজমল কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী নহয়। আনকি আজমলে প্ৰতিদ্বন্দিতা নকৰে আগন্তুক ২০২১ত হ’বলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচন।  এই কথা আকৌ এবাৰ স্পষ্ট কৰি দিলে AIUDF য়ে।

উল্লেখযোগ্য যে, সাংসদ বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য বা হোৱাত কোনো ধৰণৰ বাধা নাই বুলি ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই মন্তব্য কৰাৰ পিছত সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সেইদৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ একাংশ শীৰ্ষ পৰ্যায়ৰ নেতাই প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লয় বদৰুদ্দিন আজমলক।

এতিয়া আজমল মুখ্যমন্ত্ৰী হোৱাৰ সন্দৰ্ভত পুনৰ এবাৰ দলীয় স্থিতি স্পষ্ট কৰিলে AIUDFৰ সম্পাদক মামুন ইমদাদুল হক চৌধুৰীয়ে। বদৰুদ্দিন আজমল কোনোদিন অসমৰ মুখ্যমন্ত্ৰী নহয় বুলি কোৱাৰ লগতে সাংসদ অজিত কুমাৰ ভূঞাই আজমলৰ মুখ্যমন্ত্ৰীৰ প্ৰসংগ উত্থাপন কৰাটো উচিত হোৱা নাই বুলিও মন্তব্য কৰে হক চৌধুৰীয়ে।

ইফালে বিজেপিক গাদীচ্যুত কৰাৰ স্বাৰ্থত বিৰোধী সকলোকে একগোট হবলৈ আহ্বান জনালে বিধায়ক মামুন ইমদাদুলৰ হক চৌধুৰীয়ে।

No comments:

Post a Comment

SPONSORED