বেংকৰ গ্ৰাহকৰ একাউণ্টৰ পৰা নোহোৱা হৈছে টকা, বেংকে নিজেই দিলে এলাৰ্ট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 19, 2020

বেংকৰ গ্ৰাহকৰ একাউণ্টৰ পৰা নোহোৱা হৈছে টকা, বেংকে নিজেই দিলে এলাৰ্ট

নতুন দিল্লীঃ যদি আপোনাৰ বেংক একাউণ্ট (Bank Account) আইডিবিআই বেংকত আছে তেনেহ’লে এই খবৰটো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। কিয়নো বেংকটোৱে নিজৰ গ্ৰাহকক সাৱধান কৰিছে যে একাউণ্টৰ পৰা টকা চুৰি হৈছে। বেংকে গ্ৰাহকক কৈছে যে বেংকৰ ৱেবছাইটত লগইন কৰোতে সাৱধান হওক কিয়নো বেংকৰ ৱেবছাইটৰ সৈতে একেই ধৰণৰ ৱেবছাইট বনাই আপোনাৰ একাউণ্টৰ তথ্য চুৰি কৰি দুৰ্বৃত্তই একাউণ্টৰ টকা উলিয়াই লৈ যাব পাৰে। আইডিবিআই এটা চৰকাৰী বেংক আছিল আৰু ১৯৬৪ত প্ৰতিষ্ঠা হৈছিল। LIC–এ IDBIত 21000 কোটি টকাৰ বিনিয়োগ কৰি ৫১শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছিল। ইয়াৰ পিছত LIC আৰু চৰকাৰে মিলি 9300 কোটি টকা IDBI বেংকক দিছিল। উল্লেখ্য যে IDBI Bankত LICৰ ৫১শতাংশ অংশীদাৰিত্ব আৰু চৰকাৰৰ ৪৭শতাংশ অংশীদাৰিত্ব আছে।


এই IDBI বেংকে নিজৰ টুইটাৰ হেণ্ডেলত এক ইমেজ শ্বেয়াৰ কৰি জনাইছে যে দুষ্কতিকাৰীয়ে IDBI বেংকৰ ফণ্ট আৰু কালাৰ মিলাই এটা দুই নম্বৰী ৱেবছাইট প্ৰস্তুত কৰিছে। যিটোৰ নাম IBDI বেংক। কিন্তু মানুহে পটককৈ ধৰিব নোৱাৰিব। সেইকাৰণে বেংকৰ ৱেবছাইটলৈ যাবলৈ সদায় IDBI বেংক টাইপ কৰক৷

উল্লেখ্য যে, শেহতীয়াকৈ নেচনেল পেমেণ্ট কৰ্প’ৰেচন অৱ ইণ্ডিয়া অৰ্থাৎ NPCI–এ এটা ভিডিও জাৰি কৰি এনেধৰনৰ জালিয়াতিৰ পৰা বাচিবলৈ মানুহক সতৰ্ক কৰিছিল।

No comments:

Post a Comment

SPONSORED