বিদ্যুৎ সংযোগ দিয়াৰ আগতে শতাধিক গ্ৰাহকৰ নামত বিল প্ৰেৰণ বিদ্যুৎ বিভাগৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 23, 2020

বিদ্যুৎ সংযোগ দিয়াৰ আগতে শতাধিক গ্ৰাহকৰ নামত বিল প্ৰেৰণ বিদ্যুৎ বিভাগৰ

ধুবুৰী : বিদ্যুৎ বিভাগৰ ভয়ংকৰ খেলি-মেলি। বিদ্যুৎ সংযোগ দিয়াৰ আগতে শতাধিক গ্ৰাহকৰ নামত বিল প্ৰেৰণ। এনে এক ঘটনা সংঘটিত হৈছে গোলকগঞ্জৰ উত্তৰ কাচখানা গাঁৱত। ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তথা গোলকগঞ্জ বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ উত্তৰকাচখানা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

উল্লেখ্য যে, প্ৰায় দুবছৰ আগতে দীন দয়াল আঁচনিৰ নামত গাঁওখনত প্ৰতিঘৰ দুখীয়া পৰিয়ালক বিনামূলীয়া বিদ্যুৎ যোগান দিয়াৰ নামত দুশ টকাৰ পৰা পাঁচশ টকালৈকে সংগ্ৰহ কৰি একোটা কৈ মিটাৰ দি গৈছিল। এটাকৈ বাল্ব, কুৰিমিটাৰ তাৰ আৰু বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ দিয়া হ’ব বুলি কৈ প্ৰতিটো পৰিয়ালৰ পৰা এনেকৈ টকা সংগ্ৰহ কৰিছিল। নিৰীহ পৰিয়াল লোকে বিনামূলীয়া বিদ্যুৎ পোৱাৰ আশাত টকাৰ লগতে তেওঁলোকৰ ভোটাৰ কাৰ্ডবোৰ দি দিছিল। কিন্তু আজি প্ৰায় দুবছৰ হৈ গ’ল আজিও মিটাৰ লোৱা পৰিয়ালে বিদ্যুৎ সংযোগ দূৰৰ কথা তাঁৰ বাল্ব একো নাপালে।

ইপিনে আচৰিত কথাটো হ’ল মিটাৰ লোৱা ব্যাক্তিবোৰৰ নামত এতিয়া গোলকগঞ্জ বিদ্যুত বিভাগে কোনো তদন্ত নকৰা কৈ বিল প্ৰেৰণ কৰি আছে । একো একোটা পৰিয়ালৰ নামত দুহেজাৰৰ পৰা পাচহেজাৰ টকালৈকে বিল প্ৰেৰণ কৰিছে। বিলৰ কাগজ পাই উপৰোক্ত পৰিয়ালবোৰে গোলকগঞ্জ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত জনোৱাত ওলোটাকৈ বিল আদায় নিদিলে পৰিয়ালবোৰক থানাত দিয়া হ’ব বুলি ভয় দেখুৱায়। থানাৰ ভয়ত ইতিমধ্যে দুই-এজনে গৰু-ছাগলী বিক্ৰী কৰি এই ভুৱা বিল পৰিশোধ কৰিছে যদিও শতাধিক ৰাইজে ক্ষুব্ধ হৈ পৰিছে। ফলত এতিয়া গাঁওখনৰ শতাধিক ৰাইজে ক্ষুব্ধ হৈ ধুবুৰী জিলা প্ৰশাসনৰ লগতে চৰকাৰক তদন্ত ক্ৰমে বিহিত ব্যৱস্হা লোৱাৰ বাবে দাবী জনাইছে।


No comments:

Post a Comment

SPONSORED