আহি পালে প্ৰধানমন্ত্ৰীৰ বহু প্ৰতীক্ষিত নতুন ভিভিআইপি বিমান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, October 02, 2020

আহি পালে প্ৰধানমন্ত্ৰীৰ বহু প্ৰতীক্ষিত নতুন ভিভিআইপি বিমান

নতুন দিল্লী: দেওবাৰে ভাৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰপৰা দিল্লী আন্তৰ্জাতিক বিমানবন্দৰত বহু প্ৰতীক্ষিত নতুন ভিভিআইপি বিমানখন লাভ কৰে। ভিভিআইপি বোয়িং ৭৭৭-৩০০ ইআৰ বিমান দুখন বিদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপ-ৰাষ্ট্ৰপতি ভেংকয় নাইডুৱে তেওঁলোকৰ আনুষ্ঠানিক ভ্ৰমণত ব্যৱহাৰ কৰিব।

বিমানখনত ইলেক্ট্ৰ’নিক ৱাৰফেয়াৰ ছ্য়ুটৰ উন্নত বিশেষত্ব আৰু নিজস্ব মিছাইল প্ৰতিৰক্ষা প্ৰণালী আছে যাক লাৰ্জ এয়াৰক্ৰাফ্ট ইনফ্ৰাৰড কাউণ্টাৰমেজাৰ্ছ (এলএআইআৰচিএম) বুলি কোৱা হয়, যি মিছাইলৰ বিপদাশংকা প্ৰতিৰোধ কৰিবলৈ সক্ষম।

নতুন বিমানখনত অশোক প্ৰতীক আৰু ‘এয়াৰ ইণ্ডিয়া ৱান’ অংকন কৰা আছে আৰু হিন্দীত ‘ভাৰত’ আৰু ইংৰাজীত ‘ইণ্ডিয়া’ দুফালে অংকন কৰা হৈছে। তদুপৰি ‘টেইল’ অংশত ৰাষ্ট্ৰীয় পতাকা অংকন কৰা হৈছে।


No comments:

Post a Comment

SPONSORED