মিজো দুষ্কৃতিকাৰীৰ কৱলত অসমীয়া ! - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 2, 2020

মিজো দুষ্কৃতিকাৰীৰ কৱলত অসমীয়া !

কাছাৰ : কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তৰ লায়লাপুৰ প্ৰেসনগৰৰ ইনতাজ আলী নামৰ এজন লোকক অপহৰণ কৰি লৈ যায় মিজো দুষ্কৃতিকাৰীয়ে৷ জানিব পৰা মতে যোৱা দেওবাৰে দুপুৰীয়া ইনতাজ আলী নামৰ লোকজন সীমান্তৰ এখন জংঘলত বাঁহ কাটিবলৈ যোৱা অৱস্থাত এদল মিজো দুষ্কৃতিকাৰীয়ে ইনতাজ আলীক অপহৰণ কৰি লৈ যায়৷

আলীৰ পৰিয়ালৰ লোকে সন্ধান নাপাই খবৰ লোৱাৰ পাছত অপহৰণৰ কৰা হৈছে বুলি এজন মিজো লোকৰ পৰা জানিব পাৰে৷ ইয়াৰ পাছতে হোৱাটছ এপযোগে ইনতাজ আলীক গুৰুতৰ আঘাতপ্ৰাপ্ত অৱস্থাত অজ্ঞাত ৰূপত  পেলাই ৰখা হৈছে৷ 

এই ফটো পোৱাৰ পাছতে ইনতাজ আলীৰ পৰিয়ালৰ লোক সকলে লায়লাপুৰ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে৷ এই ঘটনাৰ পিছত সীমান্ত অঞ্চলত পুনৰ উত্তেজনা বিৰাজ কৰাৰ লগতে সৃষ্টি হৈছে এক আতংকৰ৷ উল্লেখ যোৱা ১৫ দিন ধৰি অসম মিজোৰাম সীমান্তত ভূমি বিবাদ লৈ দুই ৰাজ্যৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে৷ মিজো দুষ্কৃতিকাৰীয়ে অসমৰ ভূমিৰ ঘৰবাৰী জ্বলাই দিয়াৰ পছিত এইবাৰ অসমীয়া সকলক অপহৰণ কৰাক পাছতো অসমৰ আৰক্ষী প্ৰশাসন মৌন হৈ থকাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷


No comments:

Post a Comment

SPONSORED