কৃষকসকল কণ্ঠহীন নহয় যে, যাক আপুনি পুঁজিপতিৰ ওচৰত বিক্ৰী কৰি দিব বা বন্ধকীত ৰাখিব - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 29, 2020

কৃষকসকল কণ্ঠহীন নহয় যে, যাক আপুনি পুঁজিপতিৰ ওচৰত বিক্ৰী কৰি দিব বা বন্ধকীত ৰাখিব

নতুন দিল্লী : চিপিআই নেতা তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা কানহায়া কুমাৰে কৃষক বিদ্ৰোহৰ অচিলা লৈ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে। প্ৰধানমন্ত্ৰীক উদ্দেশ্যি তেওঁ কয় যে, কৃষকসকল কণ্ঠহীন নহয় যে, যাক আপুনি পুঁজিপতিৰ ওচৰত বিক্ৰী কৰি দিব বা বন্ধকীত ৰাখিব।



টুইটাৰত কানহায়াই লিখিছে, ‘শুনক মহাশয়, এওঁলোক কৃষক, বাকহীন চৰকাৰী সংস্থা নহয়, যে, আপুনি আপোনাৰ বন্ধুবৰ্গৰ হাতত এওঁলোকক সামান্য দামতে বিক্ৰী কৰি দিব বা বন্ধকীত ৰাখিব।’ আন এটা টুইটত কানহায়াই লিখিছে, ‘কৃষকসকলে ক’তনো আপোনাৰ পৰা ১৫ লাখ টকা বিচাৰিছে বা নিজৰ বাবে চাৰে আঠ হাজাৰ কোটিৰ বিমান বিচাৰিছে।

কেৱল এয়াই বিচাৰিছে যে, নতুন আইনত এটা মাত্ৰ শাৰী অন্তৰ্ভুক্ত কৰক যে, এমএছপিতকৈ কমত উৎপাদিত ফচল ক্ৰয় কৰাটো বেআইনী হ’ব।’ কেৱল এয়াই নহয়, আন এটা টুইটত যুৱ নেতাজনে কৃষকসকলে বান্ধ নমনা বলধকো কাবু কৰিব পাৰে বুলি উল্লেখ কৰি চৰকাৰকো তেওঁলোকে কাবু কৰি পেলাব বুলি সকীয়নি দিছিল।


No comments:

Post a Comment

SPONSORED