কবি আলাউদ্দিন আল আমিনৰ কাব্যগ্ৰন্থ ‘এখন নিৰাপদ ঠাইৰ সন্ধানত’ উন্মোচন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 9, 2020

কবি আলাউদ্দিন আল আমিনৰ কাব্যগ্ৰন্থ ‘এখন নিৰাপদ ঠাইৰ সন্ধানত’ উন্মোচন

বৰপেটাৰোড : মানাহপৰীয়া প্ৰেছ গীল্ডৰ বাৰ্ষিক অধিৱেশনৰ লগত সামঞ্জস্য ৰাখি ৮ নৱেম্বৰত দুপৰীয়াৰ ভাগত আয়োজন কৰা কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কবি আলাউদ্দিন আল আমিনৰ কাব্যগ্ৰন্থ ‘এখন নিৰাপদ ঠাইৰ সন্ধানত’ উন্মোচন কৰা হয়৷ 



উদীয়মান কবি জাকিৰ হুছেইন খানৰ সঞ্চালনাত অনুষ্ঠিত সন্মিলনখনিত কাব্যগ্ৰন্থখন উন্মোচন কৰি মেঘালয়ৰ উইলিয়াম নগৰ কলেজৰ অৱৰসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ পৰিতোষ চত্ৰৱৰ্তীয়ে ভাষণ প্ৰসঙ্গত কবিতাই মানুহক ঈ×শ্বৰ সন্ধানী কৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে৷ কবিতা লিখাৰ আগতে কবিতাৰ বিষয়ে জানি ল’ব পাৰিলেহে তেনে কবিতাৰ শব্দই হৃদয়ত ঝংকাৰ তুলিব পাৰে বুলিও তেওঁ অভিমত ব্যক্ত কৰে৷ ৰিপ’ৰ্টাৰ অসমৰ মুখ্য সম্পাদক ডঃ ভৱেশ দাসে আমন্ত্ৰিত অতিথি হিচাপে অংশ লৈ সংক্ষেপে কবি আৰু কবিতাৰ প্ৰসঙ্গত তেজস্বী মন্তব্য আগবঢ়ায়৷ অনুষ্ঠানত লোক সংস্কৃতিৰ গৱেষক তথা বিশিষ্ট কবি, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কোৰবান আলী চৌধুৰী, উদীয়মান প্ৰতিভাসম্পন্ন কবি এন হক [জান] আদি কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ডেৰকুৰি জ্যেষ্ঠ-কনিষ্ঠ কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে৷

No comments:

Post a Comment

SPONSORED