কোনো কাৰণতেই মিঞা মিউজিয়াম মানি লোৱা নহ’ব :পীযূষ হাজৰিকাই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, November 03, 2020

কোনো কাৰণতেই মিঞা মিউজিয়াম মানি লোৱা নহ’ব :পীযূষ হাজৰিকাই

 বিধায়ক শ্বেৰমান আলীক সকীয়ালে পীযূষ হাজৰিকাই – ভৱিষ্যতে নক’ব এনেকুৱা কথা




বিধায়ক শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ সম্পৰ্কত বাহিৰত যিমানেই চিঞৰ–বাখৰ নকৰক কিয় বিধান সভাৰ মজিয়াত মিঞা মিউজিয়ামৰ বিষয়ে কোনো মন্তব্য কৰিবলৈ সুবিধা দিয়া নহ’ব ৷ এই মন্তব্য ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযূষ হাজৰিকাৰ। সোমবাৰে নগাঁৱৰ কন্দলী শগুনবাহী চাহ বাগানত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি শ্বেৰমান আলী সন্দৰ্ভত সাংবাদিকক এইদৰে মন্তব্য কৰে পীযূষ হাজৰিকাই।

পীযূষ হাজৰিকাই কয় – কোনো কাৰণতেই মিঞা মিউজিয়াম মানি লোৱা নহ’ব। আনহাতে, পুনৰ মিঞা মিউজিয়ামৰ বিষয়ে কোনো কথা ক’বলৈ সাহস নকৰিবলৈও বিধায়ক শ্বেৰমান আলীক সকীয়াই দিয়ে মন্ত্ৰী পীযূষ হাজৰিকাই৷

উল্লেখযোগ্য যে বিগত কেইটামান দিন ধৰি ৰাজ্য চৰকাৰৰ চাহ বাগিচা অঞ্চলত ১১৯খন বিদ্যালয় নিৰ্মাণৰ চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন কৰি আহিছে মন্ত্ৰী–বিধায়কসকলে তাৰে এক অংশ হিচাপে সোমবাৰে মন্ত্ৰী পীযূষ হাজৰিকাই কন্দলীৰ শগুণবাহী অঞ্চলত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে‌৷ আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা সভাও অনুষ্ঠিত হয়৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ো।


No comments:

Post a Comment

SPONSORED