মহিলাৰী নে বসুমতাৰী? হাগ্ৰামাই নিজেই নাজানে নিজৰ নাম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 23, 2020

মহিলাৰী নে বসুমতাৰী? হাগ্ৰামাই নিজেই নাজানে নিজৰ নাম

 

অহা ৭ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হব বিটিচি নিৰ্বাচন৷ নিৰ্বাচনৰ দিন কাষ চাপে মানেই তুংগত হৈ উঠে বাকযুদ্ধ৷ সমান্তৰালকৈ চলি থাকে তুচ্ছ-তাচ্ছিল্য আৰু গালি গালাজেৰে তীব্ৰ বাক্যবাণ৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলে বিটিচিৰ প্ৰাক্তন চীফ হাগ্ৰামা মহিলাৰী মেকুৰী৷ প্ৰত্যুত্তৰত মহিলাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কলে বন্দৰ৷ এনেদৰেই ইজনে সিজনৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰ বাক্যবান৷ শনিবাৰে হাগ্ৰামা মহিলাৰীয়ে উপস্থিত হয় বাক্সা জিলাৰ মথনগুৰী সমষ্টিত৷ ইউপিপিএলৰ প্ৰাৰ্থী শাজাহান আলী আহমেদৰ সংখ্যালঘু ভোটাৰৰ সমান্তৰালকৈ বড়ো ভোটৰ মাজতো থকা উত্থানত শংকিত হাগ্ৰামা মহিলাৰী৷ সেয়ে সমষ্টিটোৰ ঘোৰামাৰাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত ভাগ লৈ নিজৰ ভাষণত শাজাহান আলী আহমেদৰ নাম সলনি কৰি শাজাহান বসুমতাৰী হব লাগিছিল বুলি উল্লেখ কৰে৷ এনেদৰে হাগ্ৰামা মহিলাৰীয়ে এগৰাকী সংখ্যালঘু নেতাৰ নামক লৈ তুচ্ছ-তাচ্ছিল্য কৰাৰ পিছতে মঞ্চত থকা একাংশ নিৰ্লজ্জ সংখ্যালঘু নেতায়ো হাঁহিৰ খোৰাক বুলিয়েই ভাবি লয়৷ পিছে ইউপিপিএলৰ প্ৰাৰ্থী শাজাহান আলী আহমেদৰ প্ৰতিক্ৰিয়া- হাগ্ৰামাই নিজেই তেওঁৰ নাম নাজানে৷ কিয়নো সৰ্বত্ৰে মহিলাৰী বুলি খ্যাত হাগ্ৰামাই বিটিচি চুক্তিত হাগ্ৰামা বসুমতাৰী হিচাপে স্বাক্ষৰ কৰিছে৷ তেনে এগৰাকী ব্যক্তিয়ে আন এগৰাকী প্ৰাৰ্থীৰ নাম লৈ ব্যংগ কৰাটো কেৱল পৰাজয়ৰ শংকাহে৷ ইপিনে বিটিচিত অবড়ো লোকক উচ্ছেদক লৈ বিপিএফৰ প্ৰাৰ্থী বেগম আকতাৰাই চলোৱা এক ভূৱা অপপ্ৰচাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰে শাজাহান আলী আহমেদে৷ হাগ্ৰামা মহিলাৰী বিটিচিৰ প্ৰাক্তন চীফ হলেও নিৰ্বাচনত অৱতীৰ্ণ প্ৰতিগৰাকী প্ৰাৰ্থী এতিয়া কিন্তু সহপাঠী৷ অৱশ্যে পৰীক্ষাত উত্তীৰ্ণ বা অনুত্তীৰ্ণৰ বাবে অপেক্ষা মাথো ১২ ডিচেম্বৰলৈ৷

No comments:

Post a Comment

SPONSORED