গো মাফিয়া হজৰত মাষ্টৰৰ দ্বিতীয় অধ্যায় - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 2, 2020

গো মাফিয়া হজৰত মাষ্টৰৰ দ্বিতীয় অধ্যায়


হাত দীঘল মানকাচৰৰ হজৰত মাষ্টৰ 
পত্নীৰ নামত গৰুৰ ফাৰ্ম খুলি চলাইছে গৰুৰ অবৈধ বেহা 

আন্তঃৰাষ্ট্ৰীয় এই কুখ্যত চৰকাৰী শিক্ষক হজৰত মাষ্টৰৰ আছে এক দীঘলীয়া কলংকিত অধ্যায়। সংবাদ প্ৰহৰীৰ প্ৰথমটো প্ৰতিবেদনত দাঙি ধৰিছিলো কিছু পাতনি৷ পিছত সংবাদ প্ৰহৰীৰ কাৰ্যালয়লৈ ফোন কৰি দিয়া স্পষ্টীকৰণতো নিজেই ফাদিল কৰিছে কেতবোৰ গোপনীয় তথ্য৷ বছৰি লাখ লাখ টকা কৰ ফাঁকিৰে চলাইছে এই অবৈধ বেহা৷ পত্নীৰ নামত ‘পায়নিয়াৰ লাইভ ষ্টক’ নামৰ ফাৰ্ম খুলি বাংলাদেশলৈ গৰু চালান দি আহিছে এইগৰাকী শিক্ষকে। বক্ৰ পথেৰে টকা উপাৰ্জন কৰি কমিচন দি থকা হজৰত মাষ্টৰ চৰকাৰী বিষয়া, আৰক্ষী বিষয়া আৰু মন্ত্ৰী-বিধায়কৰ আশীষধন্য৷ সেয়ে নীৰৱ সকলো। অৱশ্যে সৰ্বশিক্ষা শিক্ষা আচনিৰ গৃহ নিৰ্মাণ, শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ সমুদায় ধান আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহীও হৈছিল হজৰত মাষ্টৰে। মানকাচৰ, ধুবুৰী, মঙলদৈ, কোকৰাঝাৰ লগতে গৌহাটী উচ্চ ন্যায়ালয়ত চলি আছে কেবাটাও গোচৰ। 

ফাৰ্মৰ ভুৱা ভাৰা আৰু গৰু চালান দিয়াৰ নামতো চুক্তিৰে ধন সংগ্ৰহ কৰি শিক্ষকৰূপী ব্যৱসায়ী মাষ্টৰে প্ৰতাৰণা কৰিছে কেবাজনো লোকক। গো ব্যৱসায়ৰ নটেৰী চুক্তিত সাক্ষী হিচাপে হজৰত মাষ্টৰৰ আছে নাম আৰু চহী৷ চৰকাৰী শিক্ষক হৈয়ো গো ব্যৱসায়ৰ চুক্তিত কেনেকৈ সাক্ষী হ’ব পাৰে এইগৰাকী হজৰত মাষ্টৰ৷ ইয়াৰ অন্তৰালত লুকাই আছে কি ৰহস্য? বাংলাদেশৰ এজন লোককো শ্বিলঙত ভূৱা প্ৰলোভন দি মোটা অংকৰ ধন লোৱাৰ তথ্যও আমাৰ হাতত আছে। পৰৱৰ্তী প্ৰতিবেদনত কাৰ কাৰ পৰা মিছা প্ৰলোভনেৰে কিমান টকা লুটিছে তাৰ সৱিশেষ তথ্য সহকাৰে প্ৰকাশ কৰিম।

No comments:

Post a Comment

SPONSORED