পঞ্জাবত চলি থকা কৃষক আন্দোলনৰ ফলত বৰ্তমান পঞ্জাবৰ সকলো টোলগেট বন্ধ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

November 13, 2020

পঞ্জাবত চলি থকা কৃষক আন্দোলনৰ ফলত বৰ্তমান পঞ্জাবৰ সকলো টোলগেট বন্ধ

পঞ্জাব:কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে অনা নতুন আইনৰ বিৰোধিতাৰেআন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ভাৰতীয় কিষাণ জুনিয়ৰ একতা ইউনিয়নৰ কৰ্মীসকলে।বন্ধ কৰা হৈছে সকলো টোলগেট। ভৰিব নালাগে একটকাও টোলটেক্স! পিছে এয়া অসমত নহয়, পঞ্জাবতহে। পঞ্জাবত চলি থকা কৃষক আন্দোলনৰ ফলত বৰ্তমান পঞ্জাবৰ সকলো টোলগেট বন্ধ কৰি দিছে কৃষক ইউনিয়নে। কেৱল টোলগেটেই নহয়। ৪০ দিনৰ পৰা বন্ধ হৈ আছে ৰে’লসেৱা। ফলশ্ৰুতিত পঞ্জাৱ-হাৰিয়ানাত স্তব্ধ হৈ পৰিছে ৰে’লৰ চলাচল।


কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে অনা নতুন আইনৰ বিৰোধিতাৰে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ভাৰতীয় কিষাণ জুনিয়ৰ একতা ইউনিয়নৰ কৰ্মীসকলে। এই আন্দোলনৰ ফলত কেন্দ্ৰীয় চৰকাৰে প্ৰতিদিনে হেৰুৱাইছে ১২ কোটি টকাৰ ৰাজহ।

বিগত ৪০ দিন ধৰি পঞ্জাবৰ টোলগেটসমূহত সংগঠনটোৰ সদস্যসকলে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰি বন্ধ কৰি ৰাখিছে টোলগেটসমূহ। টোলগেটৰ কৰ্মচাৰী সকলকো আঁতৰাই পঠোৱা হৈছে টোলগেটৰ পৰা। পঞ্জাবৰ কংগ্ৰেছ চৰকাৰেও এই কাৰ্যত পৰোক্ষভাৱে সমৰ্থন আগবঢ়োৱাৰ ফলত কেন্দ্ৰীয় চৰকাৰে হেৰুৱাইছে বৃহৎ পৰিমাণৰ ৰাজহ। আনহাতে পঞ্জাবত হোৱা ৰে’ল অৱৰোধৰ বাবে ক্ষতিগ্ৰস্ত হৈছে জম্মু আৰু হিমাচলৰ পৰ্যটন উদ্যোগ।

No comments:

Post a Comment

SPONSORED