ফলিহামাৰী পথাৰ মজলীয়া বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 24, 2020

ফলিহামাৰী পথাৰ মজলীয়া বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি


লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত ফলিহামাৰী পথাৰ মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হয় বিদ্যালয় পৰিচালনা সমিতিৰ সাধাৰণ সভা। কাৰ্যসূচী হিচাপে প্ৰতিবেদন পাঠ ও ৰাইজৰ একাষাৰ বুলি কাৰ্যসূচী উল্লেখ কৰিছিল যদিও অভিযোগ অনুসৰি বিগত তিনি বছৰ কাৰ্যকাল অতিবাহিত কৰা পৰিচালনা সমিতি খনে বিদ্যালয়খনত কি কি কাম কৰিছে ৰহস্যজনকভাৱে তাৰ প্ৰতিবেদন পাঠ নকৰাত ক্ষোভিত হৈ পৰে অভিভাৱক-অভিভাৱিকাসকল। 

ইয়াকে লৈ পুৰণি সমিতিৰ সভাপতিৰ সমৰ্থক আৰু অভিভাৱকসকলৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তাৰ পিছতেই বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সদস্য সচিব ৰফিকুল ইছলামৰ লগতে CRCC অৰবিন্দ চহৰীয়াই আজিৰ সভাখন ভংগ কৰি দিছে বুলি লিখিত আকাৰে অৱগত কৰে। নৱবৰ্ষৰ জানুৱাৰী মাহত পৰৱৰ্তী সময়ত নিৰ্দিষ্ট দিন ধাৰ্য্য কৰি আকৌ সাধাৰণ সভাৰ আয়োজন কৰিব বুলি জানিব দিয়ে।

No comments:

Post a Comment

SPONSORED