জটিল ৰোগত আক্ৰান্ত ছাহিনুৰ আলম : সহায় বিচাৰি কাতৰ আহ্বান পিতৃ-মাতৃৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 30, 2020

জটিল ৰোগত আক্ৰান্ত ছাহিনুৰ আলম : সহায় বিচাৰি কাতৰ আহ্বান পিতৃ-মাতৃৰ


লাহৰীঘাটৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন : 

এটি শিশু, বয়স তাৰ পখিলা খেদাৰ, লগৰ সমনীয়াৰ সৈতে খেলা-ধূলা কৰাৰ৷ কিন্তু নিষ্ঠুৰ নিয়তিয়ে যেন কাঢ়ি লৈ যাব খুজিছে কনমানিটোৰ জীৱনৰ ৰঙিন সপোনবোৰ৷ বুকু উদং হোৱাৰ আশংকাত অসহায় মাতৃ৷ দিকবিদিক হেৰুৱাই পেলাইছে অকলশৰীয়া হোৱাৰ ভয়ত দিশহাৰা পিতৃয়ে৷ 

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত বগলীপৰা পথাৰ গাঁৱৰ ৰুহুল আমিন আৰু হাচনাৰা 10 বছৰীয়া পুত্ৰ ছাহিনুৰ আলম আক্ৰান্ত জটিল ৰোগত৷ পূৱ চেতুৱাই খাইতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাহিনুৰ৷ বৰ্তমান কনমানি ছাত্ৰ জন চিকিৎসাধীন হৈ আছে গুৱাহাটীস্থিত GMCHত৷ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বহিৰাজ্যলৈ নিয়াৰ পৰামৰ্শ প্ৰদান কৰিছে। 

পুত্ৰৰ অতি ব্যয়বহুল চিকিৎসাৰ বাবে অতি দৰিদ্ৰ কৃষক পিতৃয়ে ঘৰৰ মাটি সম্পত্তি সকলো বিক্ৰী কৰি এতিয়া হৈ পৰিছে সৰ্বস্ৰান্ত৷ পুত্ৰৰ স্নায়ু আৰু লিভাৰ সংৰোপনৰ বাবে এতিয়া প্ৰয়োজন দুই লক্ষাধিকতকৈ অধিক ধন৷ উপায়হীন হৈ দূৰ্ভগীয়া পিতৃ মাতৃয়ে বহিৰাজ্যত পুত্ৰৰ চিকিৎসা কৰোৱাৰ বাবে সংবাদ মাধ্যমৰ জড়িয়তে সহায় বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ 

ৰাজ্যৰ স্বাস্থ্য বিভাগক অনুৰোধ জনাইছে পুত্ৰৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ৷ অসমবাসী ৰাইজৰ ওচৰত সহায় বিছাৰি আঁঠু লৈছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে৷ 

যদি কোনো সুহৃদয়ৱান ব্যক্তিয়ে সহায় কৰিব বিছাৰে তেন্তে হাচনাৰা বেগমৰ মোবাইল নম্বৰ 8471800371ত যোগাযোগ কৰিব পাৰিব নাইবা গ্ৰামীণ বিকাশ বেংক মৰিগাঁও শাখা বেংক একাউণ্ট নম্বৰ 7273029019091 IFSC Code - UTBI0RRBAGBত আৰ্থিক সহায় আগবঢ়াব পাৰিব৷ আপোনালোকৰ অকনমান সহায়ে হাঁহি বিৰিঙাব পাৰিব দুৰ্ভগীয়া পৰিয়ালটোৰ, উজ্জ্বল কৰিব পাৰিব কনমানি ছাত্ৰ ছাহিনুৰৰ সপোনবোৰ৷

No comments:

Post a Comment

SPONSORED