‘মই জন্মসূত্ৰেও হিন্দু, কৰ্মসূত্ৰেও !শিৱসেনালৈ গৈয়েই ‘হিন্দুত্ব’ৰ বাণী আওৰালে উৰ্মিলা মাতোণ্ডকাৰে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 3, 2020

‘মই জন্মসূত্ৰেও হিন্দু, কৰ্মসূত্ৰেও !শিৱসেনালৈ গৈয়েই ‘হিন্দুত্ব’ৰ বাণী আওৰালে উৰ্মিলা মাতোণ্ডকাৰে

মুম্বাই : ‘মই জন্মসূত্ৰেও হিন্দু, কৰ্মসূত্ৰেও। মই সৰুৰে পৰাই ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিছোঁ আৰু শৈশৱৰে পৰাই যোগাসনৰো অনুশীলন কৰিছোঁ। ধৰ্ম কেতিয়াও আনক আগত প্ৰদৰ্শন কৰা বিষয় নহয়, ইয়াক অন্তৰত ৰাখিব লাগে আৰু ই বিশ্বাসৰহে বিষয়। যেতিয়াই প্ৰয়োজন মই মোৰ ধৰ্ম পালন কৰিছোঁ আৰু ভৱিষ্যতেও কৰি যাম।’ সমালোচকসকলক এই বুলি প্ৰত্যুত্তৰ দিছে অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে।


শেহতীয়কৈ শিৱসেনাত যোগদান কৰি অভিনেত্ৰীগৰাকীয়ে হিন্দুত্বৰ আদৰ্শক লৈয়েই দলটোত যোগ দিয়া বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে, ‘ধৰ্মনিৰপেক্ষতাই কেতিয়াও আনৰ ধৰ্মক ঘৃণা কৰিটো নুবুজায় বা ই কোনোবা এজনৰ ধৰ্ম বিশ্বাসক অস্বীকাৰ কৰা বা বিৰোধ কৰাটোও নুবুজায়।’ মহাৰাষ্ট্ৰৰ মহা বিকাশ আঘাড়ী চৰকাৰে অভিনেত্ৰীগৰাকীৰ নাম ৰাজ্যপালৰ সংৰক্ষিত আসনত ‘লেজিছলেটিভ কাউন্সিল’লৈ মনোনীত কৰাৰ এমাহৰ পাছত তেওঁ শিৱসেনাত যোগদান কৰিছিল।

শিৱসেনাৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ কাম-কাজ তথা দক্ষতাৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ শিৱসেনাত যোগদান কৰা বুলিও প্ৰকাশ কৰিছে। উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰা অভিনেত্ৰীগৰাকীয়ে পৰাজয়ৰ পাছত দলটোৰপৰা পদত্যাগ কৰিছিল। শেহতীয়াকৈ তেওঁ শিৱসেনাত যোগদান কৰাৰ পাছত ভালেমান লোকে তেওঁৰ ৰাজনৈতিক আদৰ্শক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। তাৰ প্ৰত্যুত্তৰ দি তেওঁ লগতে কয় যে, মই কংগ্ৰেছহে ত্যাগ কৰিছিলোঁ, ৰাজনীতি নহয়।


No comments:

Post a Comment

SPONSORED