গোৱৰ্ধনাৰ দুখনকৈ ঠাইত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড - SANGBAD PRAHARI

Breaking

Responsive Ads Here

December 9, 2020

গোৱৰ্ধনাৰ দুখনকৈ ঠাইত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড



গোৱৰ্ধনাৰ পৰা ইমদাদুল ইছলাম : 
বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত দুখনকৈ ঠাইত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড৷ কুছিয়াখান্দা গাওঁৰ আব্দুল ছাত্তাৰৰ ঘৰ খেৰৰ পুজিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড৷ দূৰ্বৃত্তই আব্দুল ছাত্তাৰৰ ঘৰৰ খেৰৰ পুজিত অগ্নি নিক্ষেপ কৰাৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ পৰিয়ালৰ৷ ঘটনাৰ তদন্ত বিচাৰি গোৱৰ্দ্ধনা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আব্দুল ছত্তাৰে ৷ নিশা ১১ বজাত সংঘটিত অগ্নিকাণ্ডত জুই ৩০ বিঘা মাটিৰ খেৰৰ পুজি ছাই হৈ যায়৷ বৰপেটাৰোডৰ অগ্নি নিৰ্বাপক বাহিনীয়ে ৬ ঘন্টা সময় কষ্ট কৰি জুই নোমাবলৈ সক্ষম হয়৷ 

ইপিনে বাক্সাৰ গোৱৰ্দ্ধনা গাৱৰ শ্বাহ আলম নামৰ ব্যক্তিজনৰ ঘৰতো সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড৷ বিদ্যুৎ ছাৰ্কিটেৰ পৰা সংযোগ হৈ অগ্নি কাণ্ড সংগঠিত হয়৷ এই অগ্নিকাণ্ডত প্ৰায় লাখ টকাৰ বয়বস্তু ক্ষতিহাধন হয়৷ আজি দিনৰ ১১ মান বজাত গোৱৰ্ধনা থানাৰ নিচেই কাষত যুৱ ব্যবসায় শ্বাহ আলমৰ ঘৰত জুইৰ ধোৱা ওলাই থকা দেখিবলৈ পাই ৰাইজে প্ৰত্যক্ষ কৰে এই ঘটনা৷ ঘটনাস্থলিত খবৰ পোৱাৰ লগে লগে আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগিতাত জুই নমোৱাবলৈ সক্ষম হয় যদিও শ্বাহ আলমৰ পৰিয়ালৰ সকলো বয়বস্তুৰ লগতে ২ লাখ টকাৰ সা-সম্পত্তি পুৰি ছাই হয়৷              

No comments:

Post a Comment

SPONSORED