গুৱাহাটী : ৰাজ্যৰ ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকতসমূহৰ বিভিন্ন সমস্যাৰ সমাধান আৰু বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি নকৈ গঠন হোৱা সদৌ অসম সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকত সন্থাৰ গুৰুত্বপূৰ্ণ তথা প্ৰথমটো কাৰ্যকৰী সভা আজি অনুষ্ঠিত হয়৷ গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত দিনৰ ১১ বজাত সন্থাৰ সভাপতি অৰুণ ভাগৱতীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত ৰাজ্যৰ ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকতসমূহৰ বিভিন্ন সমস্যা আৰু বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ সুৰক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়৷ সন্থাৰ সাধাৰণ সম্পাদক আকবৰ মজুমদাৰে আঁত ধৰা সভাখনত এই বিষয়সমূহক লৈ সন্থাৰ এক প্ৰতিনিধি দলে অতি শীঘ্ৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ প্ৰয়োজনীয়তাকে ধৰি কেতবোৰ গুৰুত্বূপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷
Responsive Ads Here
Sunday, January 10, 2021

Home
অসম
আঞ্চলিক
গুৱাহাটী
সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকত সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভা সম্পন্ন
সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকত সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভা সম্পন্ন
Tags
# অসম
# আঞ্চলিক
# গুৱাহাটী
Share This

About Sangbad Prahari
গুৱাহাটী
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment