বিজেপিক উৎখাত কৰিবলৈ আহ্বান প্ৰাক্তন বিধায়ক তাৰা প্ৰসাদ দাসৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 6, 2021

বিজেপিক উৎখাত কৰিবলৈ আহ্বান প্ৰাক্তন বিধায়ক তাৰা প্ৰসাদ দাসৰ

আলম ছৰোৱাৰঃ হাউলীঃ 
বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমূ চাপি আহিছে ,সিমানেই বিভিন্ন ৰাজনৈতিক দলৰ সাম্ভাব্য প্ৰাৰ্থী সকলৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে| 


বুধবাৰে আবেলি ৪ বজাত হাউলীৰ সমীপৰ কঠলিঝাৰ সাধু বজাৰ যুৱ সমাজৰ উদ্যোগত এখন মত বিনিময় সভা অনুষ্ঠিত হয়| হাজীপাৰা মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আবুল কালাম আজাদৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত আমছুৰ প্ৰাক্তন সভাপতি ছবিবৰ ৰহমানে উপস্থিত থাকি কয় যে, বিজেপিৰ স্বৈৰাচাৰী শাসন তথা ধৰ্মীয় সাম্প্ৰদায়িক শক্তিক উৎখাত কৰি ধৰ্ম নিৰপেক্ষ চৰকাৰ গঠন কৰাৰ বাবে কংগ্ৰেছৰ হাত মজবুত কৰিবলৈ ৰাইজক আহ্বান জনায় | 

উক্ত সভাত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তাৰা প্ৰসাদ দাসে উপস্থিত থাকি কয় যে, বিজেপিয়ে সদায় ধৰ্মৰ নামত জাত-পাতৰ ৰাজনীতি কৰি সমাজ খনক ভাগ ভাগ কৰিব বিচাৰে, কিন্তু আমাৰ কংগ্ৰেছ দলে সকলো জাতি-জনগোষ্ঠীক সম মৰ্যদা দি আহিছে আৰু দি থাকিব বুলি মন্তব্য কৰে | বিজেপিৰ এই অপ-শাসনৰ পৰা মুক্তি পাবলৈ ৰাইজে একত্ৰিত হৈ কংগ্ৰেছৰ ভেটী মজবুত কৰিবলৈ ৰাইজক আহ্বান জনায় | সভাত বৰপেটা জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছৰোৱাৰ উদ্দিনে উপস্থিত থাকি বক্তব্য আগবঢ়ায় |

No comments:

Post a Comment

SPONSORED