এন এ ৰুবুল মিৰ্জাৰ কাব্য সংকলন‘যেন এক কাৰ্যক্ৰমণিকাৰ তমসা ৰাতি’ উন্মোচন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 21, 2021

এন এ ৰুবুল মিৰ্জাৰ কাব্য সংকলন‘যেন এক কাৰ্যক্ৰমণিকাৰ তমসা ৰাতি’ উন্মোচন

গুৱাহাটী : উদীয়মান কবি, সংগ্ৰামী যুৱক তথা সমাজ-সেৱক এন এ ৰুবুল মিৰ্জাৰ কাব্য সংকলন ‘যেন এক কাৰ্যক্ৰমণিকাৰ তমসা ৰাতি’ আজি উন্মোচন কৰা হয়৷


অসম সাহিত্য সভা ভৱনত আয়োজন কৰা সংবাদ প্ৰহৰীৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত বিশিষ্ট অতিথি তথা উন্মোচক হিচাপে অংশগ্ৰহণ কৰি কাব্য সংকলনটি উন্মোচন কৰে কবি কমল কুমাৰ মেধিয়ে৷ মেধিয়ে নিজৰ উন্মোচনী ভাষণত কবিগৰাকীৰ সংগ্ৰামী আৰু সমাজ-সেৱাৰ চেতনাক প্ৰশংসা কৰাৰ লগতে আগলৈ কবিগৰাকীয়ে নিজৰ কলমক আৰু অধিক শক্তিশালী ৰূপত জগাই তুলিব পাৰিব আশা প্ৰকাশ কৰে৷ ইপিনে ছেভ পাব্লিচাৰ্ছৰ দ্বাৰা প্ৰকাশিত এই কাব্যগ্ৰন্থটি বিক্ৰী কৰি পোৱা ধনখিনিৰে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুলীয়া সামগ্ৰী যোগান ধৰিব বুলি উল্লেখ কৰি কবি এন এ ৰুবুল মিৰ্জাই নিজৰ সমাজ সেৱাৰ প্ৰতি থকা দায়ৱদ্ধতা আৰু উদৰতা পুনৰ প্ৰমাণ কৰি দিয়ে৷

No comments:

Post a Comment

SPONSORED