প্ৰাৰ্থীত্বৰ তালিকা প্ৰকাশ পোৱাৰ পিছতে AJPত খহনীয়া! - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, March 06, 2021

প্ৰাৰ্থীত্বৰ তালিকা প্ৰকাশ পোৱাৰ পিছতে AJPত খহনীয়া!

প্ৰাৰ্থীত্বৰ প্ৰথম তালিকা প্ৰকাশৰ পাছতেই অসম জাতীয় পৰিষদত আৰম্ভ হৈছে খহনীয়া! দলীয় টিকটৰ পৰা বঞ্চিত হৈ দলৰ ৰাজ্যিক যুটীয়া সম্পাদক আৰু প্ৰতিষ্ঠাপক আহ্বায়ক সুবীৰ মেছে দিছে দলত্যাগৰ হুংকাৰ। ধনৰ লেনদেনৰ মাজেৰে টিকট প্ৰদান কৰাৰো বিস্ফোৰক অভিযোগ আনিছে সুবীৰ মেছে।

শুকুৰবাৰে সন্ধিয়া আঞ্চলিক দলটোৱে ৰাজ্যৰ ১৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতে দলটোৰ একাংশ টিকট বঞ্চিত প্ৰাৰ্থীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। নাজিৰাত দলীয় টিকটৰ পৰা বঞ্চিত হ'ল দলৰ ৰাজ্যিক যুটীয়া সম্পাদক আৰু প্ৰতিষ্ঠাপক আহ্বায়ক সুবীৰ মেছ।


নাজিৰাত দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাত আগভাগ লৈছিল সুবীৰ মেছে। আনকি পৰৱৰ্তী সময়ত তৃণমূল কংগ্ৰেছৰ ৰিবুলয়া গগৈক দলত যোগদান কৰাইছিল সুবীৰ মেছে। কিন্তু অৱশেষত মেছক বঞ্চিত কৰি ৰিবুলয়া গগৈক নাজিৰাত প্ৰাৰ্থীত্ব প্ৰদান কৰাত খৰ্গহস্ত হৈ পৰিছে নেতাজন। শীঘ্ৰে কেইবা সহস্ৰাধিক দলীয় কৰ্মীক লগত লৈ দলত্যাগ কৰাৰ হুংকাৰ দিছে সুবীৰ মেছে।

No comments:

Post a Comment

SPONSORED